বৰমা, ২৬ ছেপ্টেম্বৰ :বিটিএডিৰ নিৰ্বাচন পিছুওৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ৷ সংবাদ মাধ্যমৰ আগত নিজ নিজ মত প্ৰকাশ কৰিছে দলীয় নেতা-কৰ্মী সকলে ৷ ইতিমধ্যে ড° হেমন্ত বিশ্ব শৰ্মাই বিটিএডিত হ’ব লগা পৰিষদীয় নিৰ্বাচন পিচুৱাব বুলি কৰা মন্তব্য কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰিছে যে, হিমন্ত বিশ্ব শৰ্মা কোনো নিৰ্বাচন আয়োগ নহয় ৷
বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে বিটিএডিত অতি শীঘ্ৰে নিৰ্বাচন পাতিব লাগে কিয়নো উন্নয়ন স্থবিৰ হৈছে এই অঞ্চলত ৷ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই কয় যে, বিটিএডিৰ পৰিষদীয় নিৰ্বাচন পিচুৱাব নালাগে ৷ ৰাইজৰ সামাজিক ব্যৱধান ৰাখি হ’লেও নিৰ্বাচন হব লাগে কিয়নো যিমানেই নিৰ্বাচন পিচুৱাই থাকিব সিমানেই উন্নয়ন স্থবিৰ হৈ থাকিব ৷