অসম

assam

ETV Bharat / state

কৰ্মীৰ পদত্যাগৰ বাবে হাগ্ৰামা মহিলাৰী দায়ী: প্ৰমোদ বড়ো - প্ৰমোদ বড়ো

সলনি হ’ব বিটিচিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ বিপিএফক পদচ্যুত কৰি শাসনৰ ভাৰ চম্ভালিব ইউপিপিএলে ৷ এই দাবী কৰিছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

Reaction of Pramod Bodo in election campaign baksa etv bharat assam
সলনি হ’ব বিটিচিৰ নিৰ্বাচনী প্ৰেক্ষাপট

By

Published : Oct 11, 2020, 6:30 PM IST

বাক্সা,11 অক্টোবৰ : ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বিটিচি নিৰ্বাচন ৷ সেয়ে ইয়াক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ তাৰ মাজতে বহু নেতা-পালিনেতাৰ বিজেপিত যোগদানে সলনি কৰাৰ সম্ভাৱনা আছে বিটিচিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ কিন্তু এই যোগদানৰ বাবে মুঠেও শংকিত নহয় ইউপিপিএল দল ৷

দেওবাৰে তামুলপুৰত ইউপিপিএল-ৰ সভাপতি প্ৰমোদ বড়োৱে এই সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে । বড়োৱে কয়, যি সকল ৰাজনৈতিক নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিছে তেওঁলোক এসময়ৰ বিপিএফ কৰ্মী ৷ এই কৰ্মীসকলৰ পদত্যাগৰ বাবে দায়ী কিন্তু হাগ্ৰামা মহিলাৰীহে ৷ কিয়নো মহিলাৰীয়ে কৰ্মীসকলক সংঘবদ্ধ কৰি ৰাখিব নোৱাৰিলে ৷

কৰ্মীৰ পদত্যাগৰ বাবে হাগ্ৰামা মহিলাৰী দায়ী: প্ৰমোদ বড়ো

আনহাতে,বিজেপিৰ উত্থানে ইউপিপিএলৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলিও প্ৰকাশ কৰে দলটোৰ সভাপতিগৰাকীয়ে ৷ পৰৱৰ্তী সময়ৰ বাবে আজিৰ তাৰিখত বিটিচিত ইউপিপিএল দলৰ চৰকাৰ অহাটো নিশ্চিত হৈ পৰিছে । বিটিচি নিৰ্বাচনত দলে ভবাতকৈ অধিক আসন লাভ কৰিব বুলি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে মন্তব্য কৰে ৷

লগতে চাওকঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ABOUT THE AUTHOR

...view details