অসম

assam

ETV Bharat / state

বাক্সাত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত বিসংগতি! - বাক্সা

বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলীৰ বৈগ্ৰীগুৰী গাঁৱত পোহৰলৈ আহিছে খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত বিসংগতি ৷ হিতাধিকাৰীয়ে 25 কিল' চাউলৰ পৰিৱৰ্তে 5 কিল চাউল পোৱা বুলি গুৰুতৰ অভিযোগ কৰে স্থানীয় লোক সকলে ৷

ETV BHARAT
বাক্সাত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত বিসংগতি

By

Published : Apr 21, 2020, 9:01 PM IST

বাক্সা, 21 এপ্ৰিলঃবাক্সাৰ বগাজুলীৰ বৈগ্ৰীগুৰিত খাদ্যৰ সুৰক্ষা আঁচনিৰ চাউল বিতৰণ বিসংগতিৰ অভিযোগ । হিতাধিকাৰীয়ে ২৫ কিলো চাউলৰ বিপৰীতে 5 কিলো চাউল পোৱা বুলি গুৰুতৰ অভিযোগ কৰে ৷

বাক্সাত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত বিসংগতি

অসমৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক পাঁচ কিলো কৈ বিনামূলীয়া চাউল দিয়াৰ বাবে ঘোষণা কৰিছিল। কিন্তু এই ঘোষণাৰ পিছতেই বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলীৰ বৈগ্ৰীগুৰি গাঁৱত পোহৰলৈ আহিছে চাউল বিতৰণত বিসংগতি ৷ ১নং পূৱ কুমাৰীকাটাৰ বহুমুখী সমিতিৰ ২৬০ টা পৰিয়ালৰ নামত অহা চাউল বিতৰণত ব্যাপক বিসংগতি হোৱা বুলি অভিযোগ কৰে স্থানীয় লোকসকলে। স্থানীয় লোকসকলে অভিযোগ কৰা অনুসৰি যিটো পৰিয়ালত ৫ জন কৈ সদস্য আছে তেওঁলোকে চৰকাৰী ঘোষণা অনুসৰি অথবা খাদ্য সুৰক্ষা আইনৰ অধীনত ২৫ কিলো চাউল পাব লাগিছিল । কিন্তু তাৰ বিপৰীতে উক্ত হিতাধিকাৰী সকলে মাত্ৰ ৫ কিলো চাউল হে লাভ কৰিছে । উল্লেখ্য যে,বহুমুখী সমবায় সমিতিৰ বিতাৰক মনমোহন স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়া অনুসৰি সকলো পৰিয়ালৰ নাম অনলাইন যোগে পুৰাব লাগে তেতিয়াহে হিতাধিকাৰীয়ে পৰিয়ালৰ সদস্যৰ বিপৰীতে চাউল লাভ কৰে। অন্যহাতে, পৰিয়ালৰ নাম ৰেচন কাৰ্ডত সোমোৱাব নোৱাৰিলে এজনৰ হিচাপতহে চাউল লাভ কৰে। যাৰ ফলত সমগ্ৰ বিষয়টো সাধাৰণ ৰাইজৰ মাজত সন্দেহৰ ভাৱ সৃষ্টি হৈছে ৷

লগতে পঢ়ক- আমগুৰিত সুলভ মূল্যৰ চাউল বিতৰণত দুৰ্নীতি, 3 জনক আটক আৰক্ষীৰ

ABOUT THE AUTHOR

...view details