অসম

assam

ETV Bharat / state

বাক্সাত কৰ’ণা ভাইৰাছৰ আশংকাক নেওচি ব্যাপক হাৰত বিক্ৰী এন্দুৰৰ মাংস - মুছলপুৰ অসামৰিক চিকিৎসালয়ৰ কৰ’ণা ভাইৰাছ কোষৰ দ্বায়িত্বত থকা চিকিৎসক ডাঃ মোহন চন্দ্ৰ বড়ো

বাক্সাত সৃষ্টি হৈছে কৰ’ণা ভাইৰাছৰ আতংক ৷ জিলাখনত ব্যাপক হাৰত বিক্ৰী হোৱা এন্দুৰৰ মাংসই ভাইৰাছবিধ বিয়পোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ মুছলপুৰ অসামৰিক চিকিৎসালয়ৰ কৰ’ণা ভাইৰাছ কোষৰ দ্বায়িত্বত থকা চিকিৎসক ডাঃ মোহন চন্দ্ৰ বড়োৱে ৰাইজক সদ্যহতে বনৰীয়া জীৱ-জন্তুৰ খাদ্য গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে ৷

rat sale at baksa due to lack of corona virus awarness baksa
বাক্সাত সজাগতাৰ অভাৱ

By

Published : Feb 15, 2020, 9:11 PM IST

বাক্সা,15 ফেব্ৰুৱাৰীঃ বাক্সাত সৃষ্টি হৈছে কৰ’ণা ভাইৰাছৰ আতংক ৷ জিলাখনত ব্যাপক হাৰত বিক্ৰী হোৱা এন্দুৰৰ মাংসই ভাইৰাছবিধ বিয়পোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ চীনত 28,000 লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যাই 1000 অতিক্ৰম কৰা বুলি ইতিমধ্যে সংবাদমাধ্যমত প্ৰকাশ পাইছে ৷ ভাইৰাছবিধ প্ৰতিৰোধৰ ক্ষেত্ৰত চীনে আমেৰিকাৰ সাহায্য বিচাৰিছে ৷

বাক্সাত সজাগতাৰ অভাৱ

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ভাৰততো কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু সকলো সতৰ্কবাণী আওকাণ কৰি বাক্সাৰ সাপ্তাহিক বজাৰত ব্যাপক হাৰত বিক্ৰী হৈ আছে বনৰীয়া এন্দুৰ ৷ পথাৰত ফান্দ পাতি একাংশ লোকে এই এন্দুৰ ধৰি আনি বাক্সাৰ মুছলপুৰকে ধৰি ডুমুনী, কুমাৰীকাটা, নবস্তি আদি এলেকাৰ বজাৰসমূহত বিক্ৰী কৰি আহিছে ৷ প্ৰতি কিলো 200 টকাৰ দৰত বিক্ৰী হৈ থকা এই এন্দুৰৰ মাংস খোৱাৰ পিছত ভাইৰাছবিধৰ দ্বাৰা লোকসকল আক্ৰান্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে মুছলপুৰ অসামৰিক চিকিৎসালয়ৰ কৰ’ণা ভাইৰাছ কোষৰ দ্বায়িত্বত থকা চিকিৎসক ডাঃ মোহন চন্দ্ৰ বড়োৱে ৷ চিকিৎসকগৰাকীয়ে ৰাইজক সদ্যহতে বনৰীয়া জীৱ-জন্তুৰ খাদ্য গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে ৷

লগতে চাওকঃচিৰাঙত এবছুৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

For All Latest Updates

ABOUT THE AUTHOR

...view details