বৰমা,8 নৱেম্বৰ : বাক্সা জিলাৰ শালবাৰী মহকুমাত দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে যুৱ এছ.টি. আৰু অ’.বি.চি মৰ্চাৰ কাৰ্যালয় উন্মোচন কৰি সাংবাদিকক কয় যে, এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু বড়ো জনগোষ্ঠীৰ এজন নেতাক মুখ্য পদত বহুৱাব ৷
আনহাতে,হাগ্ৰামা মহিলাৰীয়ে নিজৰ গাদীত জিকি আহিলেও এমচিএলএ হৈ থাকিব ৷ যদি পৰাজয়বৰণ কৰে তেন্তে এনেই বহি থকাতকৈ ৰাইজৰ হকে কাম কৰক বুলিও কয় সভাপতি দাসে ৷ তেওঁ কয় যে, ইমানুৱেল মুছাহাৰীৰ লগতে কেইবাজনো বিপিএফ নেতাই অচিৰেই বিজেপি দলত যোগদান কৰিব ৷