বাক্সা,১৪ মাৰ্চ:অসম বিধানসভাৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভৱানীপুৰ বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত ডেকাই বাক্সাৰ সাউদৰ ভিঠা, হুদুখাটা, শালবাৰী, আওঁহাটাকে ধৰি প্ৰায় কেইবাখনো গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় । গ্ৰামাঞ্চলৰ যুৱ সমাজৰ লগত মত বিনিময় কৰি নিৰ্বাচনী ৰণকৌশল সম্পর্কে আলোচনা কৰে ডেকাই ।
এআইইউডিএফ-ৰ দখলত থকা ভৱানীপুৰ বিধানসভা সমষ্টি এইবাৰ মিত্ৰজোঁটৰ দখললৈ আহিব বুলি মত প্ৰকাশ কৰে ৰঞ্জিত ডেকাই ৷ লগতে তেওঁ কয়, অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰথম গৰাকী শ্বহীদ এই ভৱানীপুৰতেই হৈছিল । শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত নিৰ্মিত অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ কৰে ডেকাই ৷