বাক্সা,16 এপ্ৰিল : ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে হেঁপাহৰ ৰঙালী ৷ চৌদিশে এতিয়া ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে অসমীয়াৰ পদূলি ৷ বাপতি সাহোন ৰঙালী বিহুক লৈ ব্যস্ত অসমৰ প্ৰতিটো জনগোষ্ঠী ৷ নিজ নিজ পৰম্পৰাৰে সকলোৱে উদযাপন কৰিছে অসমীয়াৰ আবেগ ৰঙালী বিহুটি ৷
তামুলপুৰৰ কলবাৰীত ৰংজালী বৈশাগু উদযাপন - ৰঙালী বিহু
চৌদিশে এতিয়া ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে অসমীয়াৰ পদূলি ৷ নিজ নিজ পৰম্পৰাৰে বাপতি সাহোন ৰঙালী বিহুক লৈ ব্যস্ত অসমৰ প্ৰতিটো জনগোষ্ঠী ৷ তামুলপুৰৰ কলবাৰী গাঁৱতো "হাৰিমু আফাড বৈশাগু দলে" বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগুত অংশ গ্ৰহণ কৰি আনন্দ উল্লাসৰ মাজেৰে ৰঙালীক উপভোগ কৰে অঞ্চবাসীয়ে ৷
![তামুলপুৰৰ কলবাৰীত ৰংজালী বৈশাগু উদযাপন তামুলপুৰৰ কলবাৰীত ৰংজালী বৈশাগু উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11422115-thumbnail-3x2-bihu.jpg)
তামুলপুৰৰ কলবাৰীত ৰংজালী বৈশাগু উদযাপন
তামুলপুৰৰ কলবাৰীত ৰংজালী বৈশাগু উদযাপন
আন আন ঠাইৰ দৰে তামুলপুৰৰ কলবাৰী গাঁৱতো "হাৰিমু আফাড বৈশাগু দলে" বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগুত অংশ গ্ৰহণ কৰে ৷ কলবাৰী অঞ্চলৰ ডেকা-গাভৰুৱে ৰংজালী বৈশাগুত অংশগ্ৰহণ কৰি বৈশাগু নৃত্য পৰিৱেশন কৰাৰ লগতে আনন্দ উল্লাসৰ মাজেৰে ৰঙালীক উপভোগ কৰে ৷
লগতে পঢ়ক: টীয়কত বিহু নচাত ব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ