বাক্সা, ২১ জানুৱাৰী: বাক্সা জিলাৰ মুছলপুৰত বৃহস্পতিবাৰে ৰন্ধন কৰ্মীসকলৰ উত্তাল প্ৰতিবাদ । সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বাক্সা মুছলপুৰ শিক্ষা খণ্ডৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হয় । কেন্দ্রীয় চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিৰ জৰিয়তে ৰন্ধন কৰ্মীসকলক ২০০৯ চনৰ ডিচেম্বৰ মাহৰ পৰা এতিয়ালৈ মাত্ৰ ১,০০০ টকাকৈ মাননি দি আহিছে । ১০ বছৰ অতিক্রম কৰাৰ পিছতো তেওঁলোকক চৰকাৰে মাননি বঢ়াই নিদিয়াত ক্ষোভিত হৈ পৰাত আজি সমগ্ৰ দেশতে ৰন্ধন কৰ্মীসকলে এই বিক্ষোভ কাৰ্য্যসূচী হাতত লৈছে ।
দিল্লীত কৃষকসকলে যেনেদৰে ৩ খনকৈ কৃষি আইন বাতিলৰ দাবীত সংগ্রাম কৰি আহিছে ঠিক তেনেদৰে ৰন্ধন কৰ্মীসকলেও তেওঁলোকৰ দাবী সমূহ মানি নোলোৱা পৰ্যন্ত চৰকাৰৰ ওচৰত আন্দোলন কৰি যাব বুলি হুংকাৰ দিয়ে । এই প্ৰতিবাদৰ জৰিয়তে ৰন্ধন কৰ্মীসকলে মাননিৰ সলনি মজুৰি হিচাপে পাবলৈ, ৰন্ধন কৰ্মীসকলক চিকিৎসাৰ সু বৱস্থা কৰা, চৰকাৰী পেঞ্চন সাহাৰ্য্য দিয়া আদি চৰকাৰৰ ওচৰত দাবী জনায় ।