অসম

assam

ETV Bharat / state

বাক্সাত উদ্ধাৰ দুষ্প্ৰাপ্য অজগৰ

বাক্সাৰ তামুলপুৰত উদ্ধাৰ অজগৰ ৷ ৰমেন দাস নামৰ এগৰাকী ব্যক্তিৰ খেতিপথাৰত পাতি থোৱা জালত বন্দী হয় অজগৰটো ৷

By

Published : Jun 3, 2020, 3:59 PM IST

Python rescue at baksa assam etv bharat news
উদ্ধাৰ দুষ্প্ৰাপ্য অজগৰ

বাক্সা,3 জুন: বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰীৰ দোৱামাখাত বুধবাৰে উদ্ধাৰ হৈছে এটা দুষ্প্ৰাপ্য অজগৰ ৷ গাঁৱখনৰ ৰমেন দাস নামৰ কৃষকগৰাকীৰ খেতিপথাৰত উদ্ধাৰ হোৱা সাপটোৰ আনুমানিক দৈৰ্ঘ প্ৰায় ৪ ফুট ৷ জানিব পৰা অনুসৰি,দাসে খেতিপথাৰত পাতি থোৱা জালত বন্দী হয় অজগৰটো ৷ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি বিগত কিছুদিন পূৰ্বে নেৰানেপেৰা বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা অহা বৰষুণৰ পানীয়ে উটুৱাই আনে সাপটো । ইতিমধ্যে স্থানীয় ৰাইজে অজগৰটো গটাই দিবলৈ যোগাযোগ কৰিছে বন বিভাগৰ হাতত ৷

উদ্ধাৰ দুষ্প্ৰাপ্য অজগৰ

ABOUT THE AUTHOR

...view details