গোৰেশ্বৰ,13 জুলাইঃতামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ নাওকটাত সোমবাৰে পুৱা এডাল অজগৰ সাপ উদ্ধাৰ হয়। তথ্য অনুসৰি গাঁওখনৰ নাৰায়ন কুমাৰৰ ৰান্ধনী ঘৰত পৰিয়ালৰ লোকে অজগৰটো প্ৰত্যক্ষ কৰে। অজগৰটো প্ৰত্যক্ষ কৰাৰ পিছতে গাঁওখনত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ।
গোৰেশ্বৰৰ নাওকটাত অজগৰ উদ্ধাৰ - গোৰেশ্বৰৰ নাওকটা
গাঁওখনৰ সৰ্প বিশেষজ্ঞ বুলি খ্যাত ৰাজীৱ কলিতা নামৰ যুৱকজনে অজগৰটো আবদ্ধ কৰে । স্থানীয় লোকে পিচত গোৰেশ্বৰ খণ্ড বন বিষয়াক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ অজগৰটো গাঁওখনৰ ওচৰেৰে বৈ যোৱা শুক্লা নৈত এৰি দিয়ে।
![গোৰেশ্বৰৰ নাওকটাত অজগৰ উদ্ধাৰ গোৰেশ্বৰৰ নাওকটাত অজগৰ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8012180-thumbnail-3x2-baksha.jpg)
গোৰেশ্বৰৰ নাওকটাত অজগৰ উদ্ধাৰ
গোৰেশ্বৰৰ নাওকটাত অজগৰ উদ্ধাৰ
গাঁৱৰ মানুহে সাপটো চাবলৈ ঢাপলি মেলে। গাঁওখনৰ সৰ্প বিশেষজ্ঞ বুলি খ্যাত ৰাজীৱ কলিতা নামৰ যুৱকজনে অজগৰটো আবদ্ধ কৰে । স্থানীয় লোকে পিচত গোৰেশ্বৰৰ খণ্ড বন বিষয়াক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ অজগৰটো গাঁওখনৰ ওচৰেৰে বৈ যোৱা শুক্লা নৈত এৰি দিয়ে। বন বিষয়া গৰাকীয়ে কয় যে চাৰিওফালে বানপানী হোৱাৰ ফলত অজগৰটো এনেকৈ মানুহৰ ঘৰত আশ্ৰয় লয়।
লগতে চাওকঃ সাৱধান ! কৰ'ণাৰ লগতে আহিছে ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ
Last Updated : Jul 13, 2020, 9:19 PM IST