অসম

assam

ETV Bharat / state

নামনিত পুঠিমাৰী নৈৰ খহনীয়াৰ কালৰূপ - tamulpur

তামুলপুৰৰ ১নং শুৱাগপুৰত পুঠিমাৰী নৈৰ ব্যাপক গৰাখহনীয়া। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তীব্ৰ সোঁতে অঞ্চলটোত কালৰূপ ধাৰণ কৰিছে। ব্যাপক গৰাখহনীয়া হোৱা অঞ্চলটোৰ ৰাইজ আতংকিত হৈছে ।

নামনিত পুঠিমাৰী নৈৰ খহনীয়াৰ কালৰূপ

By

Published : Jul 25, 2019, 4:39 PM IST

তামুলপুৰ, ২৫ জুলাই :তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত ১ নং শুৱাগপুৰত পুঠিমাৰী নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে । জাহ গৈছে বহু কৃষিভূমি । নিজৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছত এতিয়া পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈও উপায় নোহোৱা হৈছে বহু কৃষকৰ । উৎপাদন সকলো শস্য আৰু পাচলি নৈৰ বুকুত জাহ যোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা অঞ্চলটোৰ বহু কেইটা পৰিয়ালৰ । দিনে নিশাই গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অহাৰ ফলত অদূৰ ভৱিষ্যতে পুঠিমাৰি নৈত জাহ যাব ১ নং শুৱাগপুৰ আৰু প্ৰায়বোৰ লোক হ'ব পদপথৰ বাসিন্দা । কিন্ত জলসম্পদ বিভাগ কিম্বা চৰকাৰে এই খহনীয়াৰ কোনো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে৷ ৰাইজৰ অভিযোগ, পুঠিমাৰি নৈৰ বুকুৰ পৰা ব্যাপক হাৰত শিল বালি খনন কৰি অহাৰ ফলতে এই খহনীয়াৰ সৃষ্টি হৈছে ।

নামনিত পুঠিমাৰী নৈৰ খহনীয়াৰ কালৰূপ

ABOUT THE AUTHOR

...view details