অসম

assam

ETV Bharat / state

বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীক দলে দিব শাস্তি : পবিন বড়ো বিপিএফ দলৰ সাধাৰণ সম্পাদক পবিন বড়োৰ সংবাদমেল - 25 নং বাগানপাৰা পৰিষদীয় সমষ্টি

বৰমাত বিপিএফ দলৰ সাধাৰণ সম্পাদক পবিন বড়োৰ সংবাদমেল ৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক বক্তব্য আগবঢ়োৱাৰ কাৰণে বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীক দলে দিব শাস্তি এই মন্তব্য পবিন বড়োৰ ৷

বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীক দলে দিব শাস্তি : পবিন বড়ো
বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীক দলে দিব শাস্তি : পবিন বড়ো

By

Published : Sep 9, 2020, 10:54 PM IST

বৰমা, 9 ছেপ্তেম্বৰঃ25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীয়ে যোৱা 7 চেপ্তেম্বৰত এখন নিৰ্বাচনী সভাত বিজেপি দলৰ তথা অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক বক্তব্য আগবঢ়োৱাৰ কাৰণে বুধবাৰে কেন্দ্ৰীয় বিপিএফ দলৰ সাধাৰণ সম্পাদক পবিন বড়োৱে বৰমাত সংবাদমেল আয়োজন কৰে ৷

সংবাদমেলত বড়োৱে কয় যে,25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰী এজন দলৰ প্ৰাৰ্থীহে,তেওঁ দলৰ কাৰ্যকৰ্তাৰ লগত কোনো বিষয় বাব নাই ৷ আনহাতে তেওঁ কৰা মন্তব্য কোনো দলীয় মন্তব্য নহয় বুলি উল্লেখ কৰে ৷

ইপিনে বিপিএফ দলৰ কাৰ্যনিৰ্বাহক সমিটিয়ে ফলিন্দ্ৰ বসুমতাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদমেল যোগে জানিবলৈ দিয়ে ৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,বিপিএফ দলে এতিয়াও বিজেপি দলৰ লগতে মিত্ৰতা আছে ৷ লগতে আক্ষেপেৰে কয় যে,বিজেপি দলে এই মুহুৰ্তত ইউপিপিএল দলৰ সৈতে ভিতৰি-ভিতৰি কাম কাজ চলাই আছে,এইটো আমাৰ কাৰণে শুভ লক্ষণ নহয় ৷

পবিন বড়ো বিপিএফ দলৰ সাধাৰণ সম্পাদক পবিন বড়োৰ সংবাদমেল

আনহাতে এইবাৰো বিটিএডিত বিপিএফ দলৰেই চৰকাৰ হোৱাৰ কথা সদৰি কৰি কয় যে,দলে ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰিছে আৰু তেওঁলোকে এইবাৰো বিপিএফ দলকেই অহাটো বিচাৰে ৷

উল্লেখ্য যে,যোৱা 7 ছেপ্তেম্বৰত বাক্সা জিলাৰ বাগানপাৰাস্থিত আংগাৰধুৱাত এখন নিৰ্বাচনী সভাত প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীয়ে 2021 নিৰ্বাচনত বিজেপি চৰকাৰ পৰাজিত হ’লে অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব বুলি কৈছিল ৷ ইয়াৰ পাচতেই ভাইৰেল হৈ পৰা ভিডিঅ’টোৱে তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল ৰাজ্যত ৷ আনকি বিপিএফ দলৰ ভিতৰ চৰাতো সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে চাওক-জেমিথাং সীমান্তৰ গাঁৱবাসীক আঁতৰোৱাৰ কথা ভিত্তিহীন : সেনা আৰু টাৱাং জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details