বাক্সা,24মেঃ ৰাইজে চৰকাৰলৈ ভৰসা নকৰি পুৰুষ মহিলা সকলোৱে নিজে নিৰ্মাণ কৰিলে বান্ধ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলী মাউৰীয়াপাৰা গাঁৱত পাঁচ লাখ টকাৰ ২০১৮-১৯ বৰ্ষত এম জি এনৰেগাৰ অধীনত আৱন্তিত হৈছিল বান্ধটো নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰিছিল ভি চি ডিচিৰ অধ্যক্ষ গৰাকীয়ে ।
বাক্সাত ৰাইজে নিৰ্মাণ কৰিলে নদীৰ বান্ধ - ভাৰত ভূটান সীমান্ত
ৰাইজে হাতে কামে লাগিব লগীয়া হল পুৰণি বান্ধ মেৰামতিৰ বাবে ৷ পাহাৰৰ দাঁতিত বসবাস কৰা বাবে এই উক্ত অঞ্চলৰ পথাৰসমূহত পানী জমা নোহোৱাৰ ফলত খেতি কৰাত অসুৱিধাৰ সৃষ্টি ৷
![বাক্সাত ৰাইজে নিৰ্মাণ কৰিলে নদীৰ বান্ধ Public Working river dem baksha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7330906-273-7330906-1590330539438.jpg)
কিন্তু খৰালি সময়তে কাম কৰা হয় হয়তো এতিয়া লৈকে কাম সম্পূৰ্ণ হৈ উঠিলে হেতেন দুৰ্ভাগ্যৱষত ভি চি ডিচিৰ অধ্যক্ষ গৰাকীয়ে কোনো কাম নকৰাৰ বাবে এতিয়া এজাক বৰষুণতে গৰাহখনীয়া সৃষ্টি হৈ পানী অন্য ফালে গতি কৰিছে বুলি স্থানীয় লোক সকলে অভিযোগ কৰে ।
অঞ্চলটোৰ লোক সকলে পাহাৰৰ দাঁতিত বসবাস কৰা বাবে এই উক্ত অঞ্চলৰ পথাৰসমূহত পানী জমা নহয় ফলত সেই অঞ্চলটোৰ লোক সকলে এই নদীখনৰ ওপৰত ভিত্তি কৰি খেতি কৰি আহিছিল । এতিয়া গৰাহখনীয়া হৈ অন্য দিশে পানীয়ে গতি লোৱাত স্থানীয় লোকসকল চিন্তিত হৈ পৰিছে । যাৰ ফলত স্থানীয় লোক সকলে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰৰ প্ৰশাসন অতিশিঘ্ৰে এই বানটো মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়কঃ বিশ্বনাথত ঈদুল ফিতৰৰ নামাজ নপঢ়িবলৈ আহ্বান আৰক্ষীৰ