অসম

assam

ETV Bharat / state

বৰলীয়া নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং - বৰবালিশিহাত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

বিগত এটা দশকৰ অধিক কাল ধৰি যাতায়তৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগি আহিছে। উপায়ন্তৰ হৈ দেওবাৰে অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়তৰ বাবে কাঠ-বাঁহেৰে নিৰ্মাণ কৰে বাঁহৰ সাঁকো ।

public-repairing-bridge-at-baksha
বৰলীয়া নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

By

Published : Aug 2, 2020, 6:48 PM IST

বাক্সা, 2আগষ্টঃ বাক্সাৰ তামুলপুৰত বৰলীয়া নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং । তামুলপুৰ, নাগ্ৰীজুলি, লতিবাৰী সংযোগী পথত বৰবালিশিহাত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং। বহু বছৰ আগতে বৰলীয়া নদীৰ ওপৰত বৰবালিশিহাত নিৰ্মাণ কৰিছিল এখন সৰু লোৰ দলং। অপৰিকল্পিত ভাবে নিৰ্মাণ কৰা দলংখন দুই-তিনি বছৰৰ পিছতেই জৰাজীৰ্ণ হৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ।

বৰলীয়া নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

উল্লেখযোগ্য যে, এটা দশকৰ অধিক কাল ধৰি যাতায়তৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগি আহিছে । উপায়ন্তৰ হৈ দেওবাৰে অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়তৰ বাবে কাঠ-বাঁহেৰে নিৰ্মাণ কৰে বাঁহৰ সাঁকো । চৰকাৰ তথা বিটিচি প্ৰশাসনক কঠোৰ সমালোচনা কৰাৰ লগতে ভুক্তভোগী ৰাইজে অতিশ্ৰীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰি দি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবৰ বাবে দাবী জনাইছে ৷

লগতে পঢ়কঃ কুলশী নদীৰ ভগ্ন মাথাউৰি নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে

ABOUT THE AUTHOR

...view details