বাক্সা, 21 জুলাইঃপুঠিমাৰী নৈৰ বালি মহলত চলি থকা অবৈধ খনন কাৰ্যৰ ফলত বৃদ্ধি পাইছে তীব্ৰ গৰাখহনীয়াৰ,যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে,অভিযোগ অনুসৰি অবৈধ খনন কাৰ্যৰ ফলত হোৱা নৈ খনৰ গৰাখহনীয়াই বিপদত পেলাইছে পশ্চিম দিশত থকা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ পূৱ-কচুকাটা,গান্ধীবাৰী,উত্তৰ গান্ধীবাৰী,দক্ষিণ গান্ধীবাৰী জোকমাৰী,শিমলুবাৰী,শিজুগুৰি,ঢেঁকিপোতা আদি গাঁৱৰ ৰাইজক ৷ এই বছৰ গৰখহনীয়াৰ কৱলত পৰি শ শ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে অঞ্চল কেইটাত ৷
সেয়ে সোমবাৰে অঞ্চলটোৰ শতাধিক ৰাইজে ঢেঁকিপোতাত পুঠিমাৰী নৈৰ পাৰত উপস্থিত হৈ পুঠিমাৰী বালি মহলত চলি থকা অবৈধ খনন বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে অবৈধ খনন বন্ধ কৰক,অসম চৰকাৰ হায় হায়,বন বিভাগ হায় হায়, জলসম্পদ বিভাগ হাই হাই, গৰাখহনীয়া ৰোধ কৰক, বন বিভাগ লেই লেই ছেই ছেই, বন বিভাগৰ দুৰ্নীতি ৰোধ কৰক আদি শ্ল'গান দি পুঠিমাৰী নৈৰ পাৰ উত্তাল কৰি তোলে ৷