বাক্সা, 17 আগষ্ট:সমাগত BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতে সোমবাৰে বাক্সা জিলাৰ বৰিকাদঙাত চৰকাৰ আৰু হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ বিগত 17 বছৰ ধৰি অঞ্চলটোৰ উন্নয়ন তথা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আওকাণ কৰাৰ অভিযোগ তুলি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, জিলাখনৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰিকাদঙা গাঁওত ভূটান পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নদীয়ে প্ৰতি বছৰে বিস্তৰ ক্ষতি সাধন কৰি আহিছে ৷ নৈৰ খহনীয়াত গাঁওখনৰ অৰ্ধশতাধিক পৰিয়ালৰ ভেটি-মাটি উচন হোৱাৰ উপৰিও বহু কৃষিভূমি নৈখনৰ গৰাখহনীয়াৰ কবলত পৰিছে ৷ গাঁওখনৰ ক্ষতিগ্ৰস্ত ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ সদ্য প্ৰাক্তন এম চি এল এ ফলীন্দ্ৰ বসুমতাৰীক বাৰম্বাৰ অৱগত কৰাৰ পাচতো কোনো সুফল লাভ কৰা নাই বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে ৷