বাক্সা,11 এপ্ৰিলঃবিশ্ব ত্ৰাস সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ কৱলত ইতিমধ্যে সমগ্ৰ বিশ্বত লাখতকৈ অধিক লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । দেশতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মাৰাত্মক কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ভাৰতত ২১ দিনীয়া লক ডাউনৰ আহ্বান জনাইছিল । যাৰ ফলত বৰ্তমান দেশত অব্যাহত আছে লক ডাউন ৷ কিন্তু দুখৰ বিষয়ে যে ইমানৰ পিছতো ৰাজ্যখনৰ একাংশ মানুহ সচেতন নহয় কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৷ তেওঁলোকে এতিয়াও নাজানে কৰ'ণা ভাইৰাছ তথা লক ডাউন সম্পৰ্কে ৷
লক ডাউনৰ সন্দৰ্ভত এতিয়াও অৱগত নহয় একাংশ লোক - ভাৰত ভূটান সীমান্তৰ পশ্চিম পাটকিজুলী
কৰ'ণা ভাইৰাছৰ বলি হৈ বিশ্বত ইতিমধ্যে এক লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ দেশতো কৰ'ণা সংক্ৰমণ প্ৰতিহত কৰিবৰ বাবে চলি আছে 21 দিনীয়া লক ডাউন ৷ কিন্তু দুখৰ বিষয়ে যে ইমানৰ পিছতো ৰাজ্যখনৰ একাংশ মানুহ সচেতন নহয় কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৷ তেওঁলোকে এতিয়াও নাজানে কৰ'ণা ভাইৰাছ তথা লক ডাউন কি ?

বাক্সাৰ ভাৰত ভূটান সীমান্তৰ পশ্চিম পাটকিজুলীত লক ডাউন সম্পৰ্কে নাজানে একাংশ লোকে
বাক্সাৰ ভাৰত ভূটান সীমান্তৰ পশ্চিম পাটকিজুলীত লক ডাউন সম্পৰ্কে নাজানে একাংশ লোকে
বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পশ্চিম পাটকিজুলীত উপস্থিত আমাৰ সাংবাদিকে কেইবাগৰাকী লোকক লক ডাউন আৰু কৰ'ণা ভাইৰাছৰ সম্পৰ্কে কৰা প্ৰশ্নত্তোৰত কিহৰ কাৰণে বন্ধ দিছে সেয়া জ্ঞাত নহয় বুলি সদৰী কৰে । আনহাতে প্ৰথমে একাংশ লোকে কৰ'ণা ভাইৰাছক কোনোবা অচিনাকি দুৰ্বৃত্ত বুলি ভাবি লৈছিল যাৰ বাবে বিভিন্ন গাঁও সমূহৰ মূল পথত বেৰিকেট লগোৱা দেখিবলৈ পোৱা গৈছিল । এনেদৰে এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে ।
Last Updated : Apr 11, 2020, 10:04 PM IST