বাক্সা, 20 আগষ্টঃ বাক্সাত এখন আঢ়ৈ লাখ টকীয়া বাঁহৰ দলং নিৰ্মাণ কৰিলে ৰাইজে ৷ দীৰ্ঘদিন ধৰি চৰকাৰ তথা প্ৰশাসনক দলং খন নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছিল যদিও কোনো ফলাফল নাপালে ৰাইজে ৷
বাক্সাৰ কুমাৰীকাটাত আঢ়ৈ লাখ টকীয়া বাঁহৰ দলং - কুমাৰীকাটা-কাউলী সংযোগী
বাক্সাত এখন আঢ়ৈ লাখ টকীয়া শৰাইঘাট দলঙৰ অনুৰূপ বাঁহৰ দলং নিৰ্মাণে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই দলংখন বৰ্তমান নিৰ্মাণৰ অৱস্থাত আছে জিলাখন ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা-কাউলী সংযোগী পথৰ মটঙানদীৰ ওপৰত। তিনি খন গাঁৱৰ কেইবাজনো লোকে লগ লাগি গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে দলংখন ।
![বাক্সাৰ কুমাৰীকাটাত আঢ়ৈ লাখ টকীয়া বাঁহৰ দলং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4190298-thumbnail-3x2-b.jpg)
বাক্সাৰ কুমাৰীকাটাত আঢ়ৈ লাখ টকীয়া বাঁহৰ দলং
বাক্সাত এখন আঢ়ৈ লাখ টকীয়া শৰাইঘাট দলঙৰ অনুৰূপ বাঁহৰ দলং নিৰ্মাণে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই দলংখন বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে ৷ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা-কাউলী সংযোগী পথৰ মটঙানদীৰ ওপৰত সাজিছে এই দলংখন। দলংখন কোনো স্থানীয় জনপ্ৰতিনিধিয়ে আধাৰশিলা স্থাপন কৰি অথবা কোনো ধৰণৰ চৰকাৰী আঁচনীৰে নিৰ্মাণ কৰা নহয়। তিনিখন গাঁৱৰ কেইবাজনো লোকে লগলাগি গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰি আছে দলংখন । ইতিমধ্যে আগতে নিৰ্মাণ কৰা দুখন বাঁহৰ দলং বাৰিষাৰ সোঁতে উটুৱাই নিয়ে।
বাক্সাৰ কুমাৰীকাটাত আঢ়ৈ লাখ টকীয়া বাঁহৰ দলং
Last Updated : Aug 21, 2019, 12:24 AM IST