বাক্সা, 28 ফেব্ৰুৱাৰী: জনজাতিসকলক একগোট কৰি ৰাখিবলৈ পিটিচিএ দল(Plain Tribals Council of Assam) থাকিব লাগিব, এই ব্যক্তব্য পিটিচিএৰ সভাপতি বিভীষণ পেগুৰ ৷ তেওঁ লগতে কয় যে, পিটিচিএ দলক চৰকাৰে বিভিন্ন সময়ত দুৰ্বল কৰিবৰ কাৰণে ডিভাইড এণ্ড ৰুল প্ৰয়োগ কৰি জনগোষ্ঠীসমূহক বিচিন্ন কৰিবলৈ চেষ্টা কৰি কিছু পৰিমাণে সফল হৈছিল ৷ সময়ৰ সোঁতত প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অব্ আছাম বিচিন্ন হোৱা যেন হৈছিল যদিও বৰ্তমান সময়ত জনজাতিসকলক একগোট কৰাৰ ক্ষেত্ৰত পিটিচিএ’ৰ আৱশ্যক আহি পৰিছে বুলিও কয় সভাপতি বিভীষণ পেগুৱে ।
গুৱাহাটীৰ বাথৌপুৰীস্থিত বড়ো সাহিত্য সভাৰ ভাষা-সাংস্কৃতিক ভৱনত অনুষ্ঠিত কৰে এক শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান ৷ অনুষ্ঠানত পিটিচিএৰ প্ৰয়াত প্ৰাক্তন সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে প্ৰয়াত বিৰুচন দলে, সমৰ ব্ৰহ্ম চৌধুৰী, প্ৰফেচৰ সমৰ নাৰ্জাৰী, প্ৰাক্তন বিধায়ক অলিত বড়োৰ লগতে প্ৰয়াত সদস্যসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰ লগতে অনুষ্ঠিত হয় এখন স্মৃতিচাৰণ সভা ৷ অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক থানেশ্বৰ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে, পিটিচিএৰ দাবী ‘উদয়াচল’ ৰাজ্য সৃষ্টি বৰ্তমান সময়ত প্ৰাসংগিকতা আহি পৰিছে (Union Territory state of Udayachal) ৷