বাক্সা, 14 ৰ্মাচ :দেওবাৰে বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত হোৱা এক সংবাদমেলত পৃথক ৰাজ্যৰ দাবী জনালে অসম ভৈয়াম জনজাতি পৰিষদে (Demand of separate state) ৷ বৰমাৰ দৰৱাৰ হ'লত অনুষ্ঠিত হোৱা এই সংবাদমেলত পৃথক উদয়াচল ৰাজ্যৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই (PTCA organizes press conference at Baksa) ৷
লগতে, এই সংবাদমেলখনত 1967 চনত গঠন হোৱা অসম ভৈয়াম জনজাতি পৰিষদে ( পিটিচিএ) তিনিখনকৈ বড়ো চুক্তিতে সন্তুষ্ট নহয় বুলি দোহাৰে ৷ ইয়াৰলগতে, অসম ভৈয়াম জনজাতি পৰিষদে এই সংবাদমেলযোগে পুনৰ সক্ৰিয় ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি মত প্ৰকাশ কৰে । চৰকাৰে ষষ্ঠ অনুসূচীত জনজাতিসকলক পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা প্ৰদান কৰা নাই বুলি দাবী কৰি এই জনজাতিসকলৰ কোনো উন্নয়ন হোৱা নাই বুলিও মত প্ৰকাশ কৰে সংগঠনটোৱে ৷