অসম

assam

ETV Bharat / state

HSLC question paper leak : প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল ৰাজ্য - AASU protest at Dalgaon

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Protest on HSLC question paper leak issue)। শিক্ষা বিভাগ, শিক্ষা মন্ত্ৰী আৰু ছেবাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ । ৰাজপথলৈ ওলাই আহিল পৰীক্ষাৰ্থী । শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰীৰ ।

HSLC question paper leak
প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল ৰাজ্য

By

Published : Mar 17, 2023, 5:29 PM IST

প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল ৰাজ্য

নিউজ,১৭ মাৰ্চ :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য (HSLC question paper leak)। প্ৰায় প্ৰতিখন জিলাতে বিভিন্ন দল-সংগঠনে চৰকাৰ আৰু ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । সমান্তৰালকৈ বাক্সা জিলাৰ মুছলপুৰতো পৰীক্ষাৰ্থীসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে (HSLC candidates protest at Baksa)।

মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰৰ একাংশ ছাত্ৰই মুছলপুৰ চহৰৰ মাজমজিয়াত শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো বিষয়ৰ পৰীক্ষাই বাতিল কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ।

ইফালে টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত ওলমিল শিক্ষামন্ত্ৰী আৰু ছেবাৰ দুই বিষয়াৰ প্ৰতিকৃৰ্তি (Education minister effigy burn at Teok)। শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা অসমৰ শিক্ষা বিভাগৰ বিৰুদ্ধে টীয়কৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ টীয়ক আঞ্চলিকৰ কৰ্মীসকলে । জগদুৱাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে । প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে প্ৰতিবাদৰ জৰিয়তে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ দলগাঁৱতো অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, পৰীক্ষা নিয়ন্ত্ৰক আৰু ছেবাৰ অধ্যক্ষৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শিক্ষা মন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী তোলাৰ লগতে সমগ্ৰ বিষয়টো চিবিআইৰ তদন্তৰো দাবী কৰে (AASU protest at Dalgaon)।

নগাঁও জিলাৰ ৰহাতো দেখা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ । ৰাজপথত শিক্ষামন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে । ৰহা আঞ্চলিক ছাত্ৰ সন্থাই ৰহাৰ ৰাজপথত পুত্তলিকা দাহ কৰাৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (AASU protest against SEBA)।

আছুৰ কৰ্মীসকলে শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পদত্যাগৰো দাবী জনায় । সমান্তৰালকৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাইও প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল হৈ পৰে । প্ৰশ্নকাকত ফাদিলৰ আঁৰত কোনো ৰহস্য থকাৰো সন্দেহ কৰে আছুৰ নেতা-কৰ্মীসকলে ।

লগতে পঢ়ক :HSLC Question paper leak: মাজুলীত জ্বলিল শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details