অসম

assam

ETV Bharat / state

শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ মানাহ আঞ্চলিক হিন্দু জাগৰণ মঞ্চ - বাক্সা

মিঞা মিউজিয়ামক লৈ শ্বেৰমান আলীয়ে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ মানাহ আঞ্চলিক হিন্দু জাগৰণ মঞ্চৰ ৷ সংগঠনটোৱে দেওবাৰে বাক্সাৰ গধূলী বজাৰ বিকৰ্তৰ আৱৰ্তত থকা বিধায়কগৰাকীৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰে ৷

মানাহ আঞ্চলিক হিন্দু জাগৰণ মঞ্চ
মানাহ আঞ্চলিক হিন্দু জাগৰণ মঞ্চ

By

Published : Nov 1, 2020, 10:18 PM IST

বৰমা, 1 নৱেম্বৰ:বাক্সাৰ গধূলী বজাৰত মানাহ আঞ্চলিক হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ ৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ মিঞা মিউজিয়ামক লৈ শ্বেৰমান আলীয়ে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৱে ৰূপায়ন কৰে এনে প্ৰতিবাদী কাৰ্যসূচী ৷

শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ মানাহ আঞ্চলিক হিন্দু জাগৰণ মঞ্চ

প্ৰতিবাদকাৰীসকলে শ্বেৰমান আলী হুচিয়াৰ, অসমত বাংলাদেশীৰ দপদপনি নচলিব আদি ভিন্ন শ্ল'গান প্ৰদান কৰি শ্বেৰমান আলীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায় ৷

লগতে পঢ়ক:২১ ৰ নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ আহ্বান ৰাইজক

ABOUT THE AUTHOR

...view details