অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ - বিলাসীপাৰা

বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মুছলপুৰ, বিলাসীপাৰা আৰু গুৱাহাটীত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিলে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷

প্ৰতিবাদ
প্ৰতিবাদ

By

Published : Aug 19, 2020, 5:24 PM IST

নিউজ ডেস্ক, 19 আগষ্ট:সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰ, বিলাসীপাৰা আৰু গুৱাহাটীতো প্ৰতিকী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷ বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যদিহে দলটো শাসনলৈ আহে তেন্তে গৰিয়া-মৰিয়া দেশীসকলক সুকীয়া জৰীপ প্ৰদানৰ লগতে তেওঁলোকৰ উন্নয়মৰ অৰ্থে এক আঁচনি গ্ৰহণ কৰিব ৷ কিন্তু চৰকাৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দাবীসমূহক কোনো ধৰণে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷ যাৰ বাবে বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি সংগঠনটোৱে এনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ

বাক্সা জিলাৰ সদৰ মুছলপুৰত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বাক্সা জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে, বিলাসীপাৰাত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিলাসীপাৰা জিলা সমিতি গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু গুৱাহাটীত সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত প্ৰতীকি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ অনাগত দিনত যদি চৰকাৰে জৰীপৰ কামত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেন্তে 2021 ৰ নিৰ্বাচনত তেওঁলোকে চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ তেওঁলোক সাজু হৈ আছে বুলি চৰকাৰক সকিয়নী প্ৰদান কৰে ৷

লগতে পঢ়ক:নাহৰকটীয়াত কংগ্ৰেছত যোগদান শতাধিক লোকৰ

ABOUT THE AUTHOR

...view details