অসম

assam

ETV Bharat / state

বুধবাৰে পুৱা বাক্সা জিলাৰ চাৰিখনকৈ চাহ বাগানত প্ৰতিবাদী কাৰ্যসূচী

বাক্সা জিলাৰ নাগ্ৰিজুলী, মেনকা, ডুমুনী আৰু ফাটেমাবাদ চাহ বাগানৰ উপ কৰ্মচাৰী সকলৰ লগতে অন্য কৰ্মচাৰী সকলে বুধবাৰে পুৱা এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ দৰমহা সংশোধনৰ পূৰ্বৰ চুক্তিৰ ম্যাদ ২০১৮ চনৰ ৩০ চেপ্তেম্বৰতে উকলি যোৱা সত্বেও আজিলৈ মালিক পক্ষই কোনো ধৰনৰ পদক্ষেপ গ্ৰহন নকৰাৰ বাবে সাব্যস্ত এই প্ৰতিবাদ ৷

বাক্সা জিলাৰ চাৰিখনকৈ চাহ বাগান
বাক্সা জিলাৰ চাৰিখনকৈ চাহ বাগান

By

Published : Feb 12, 2020, 2:27 PM IST

বাক্সা, 12 ফেব্ৰুৱাৰীঃঅসম চাহ মজদূৰ সংঘৰ আহ্বানত আৰু নাগ্ৰিজুলী আঞ্চলিক চাহ মজদূৰ সংঘৰ উদ্যোগত, তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰিজুলী চাহ বাগান, মেনকা চাহ বাগান, ডুমুনী চাহ বাগান আৰু ফাটেমাবাদ চাহ বাগানত বুধবাৰে পুৱা এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ৰাজ্যৰ ভিন্ন চাহ বাগানত কৰ্মৰত উপ কৰ্মচাৰী সকলৰ লগতে অন্য কৰ্মচাৰী সকলৰ দৰমহা সংশোধনৰ পূৰ্বৰ চুক্তিৰ ম্যাদ ২০১৮ চনৰ ৩০ চেপ্তেম্বৰতে উকলি যাোৱা সত্বেও, আজিলৈকে মালিক পক্ষই কোনো ধৰনৰ পদক্ষেপ গ্ৰহন নকৰাত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ৷ যাৰ বাবে বাগিছাত কৰ্মৰত লোকসকলে আজি মালিক পক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বাক্সা জিলাৰ চাৰিখনকৈ চাহ প্ৰতিবাদী কাৰ্যসূচী বাগানত

বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদী লোকসকলে ভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে কাৰ্যালয় চোহদ ৷ অতি শীঘ্ৰে দাবী সমূহ গ্ৰহণ নকৰিলে অহা জুন জুলাই মাহত সমগ্ৰ অসমৰে চাহ বাগান সমূহত পাত তোলা কাম বন্ধ কৰি, বাগানসমূহ অচল কৰি দিয়া হ'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃCAA বিৰুদ্ধে মৰিগাঁৱত পাঁচ তিৱা সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details