বাক্সা, 12 মাৰ্চঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সময়তে বিপিএফ দলৰ বিৰুদ্ধে গৰজি উঠিল বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা পৰিয়ালৰ পাঁচ শতাধিক পৰিয়াল ৷ বিগত 17 বছৰে বিপিএফ দলে বিটিচি শাসন কৰিলে যদিও বড়োলেণ্ড আন্দোলনত নিহত হোৱা পৰিয়াল সমূহে কোনো ধৰণৰ সাহাৰ্য নোপোৱাৰ অভিযোগ ৰাইজৰ ৷ অভিযোগ অনুসৰি হাগ্ৰামা মহিলাৰীৰ শাসনাধীন বিটিচি প্ৰশাসনে মাথো প্ৰতিশ্ৰুতি দিয়ে পাৰ কৰিলে 17 বছৰ ৷ যাৰ ফলত আজি বাক্সা জিলা বড়োলেণ্ড শ্বহীদ আৰু নিৰ্যাতিত পৰিয়াল সমুহে বিপিএফ দলৰ বিৰুদ্ধে গ্ৰহণ কৰে এই ধৰ্ণা কাৰ্যসূচী ৷ শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে এই ধৰ্ণা কাৰ্যসূচীত ৷ বিটিচি নিৰ্বাচনৰ আগত শ্বহীদ পৰিয়ালে উপযুক্ত ন্যায় নাপালে নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
বাক্সাত শ্বহীদ পৰিয়ালৰ ধৰ্ণা কাৰ্যসূচী - হাগ্ৰামা মহিলাৰীৰ শাসনাধীন বিটিচি প্ৰশাসন
হাগ্ৰামা মহিলাৰীৰ শাসনাধীন বিটিচি প্ৰশাসনে মাথো প্ৰতিশ্ৰুতি দিয়ে পাৰ কৰাৰ অভিযোগ বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা পৰিয়ালৰ ৷ যাৰ বাবে বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সময়তে বিপিএফ দলৰ বিৰুদ্ধে গৰজি উঠিল বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা পৰিয়ালৰ পাঁচ শতাধিক পৰিয়াল ৷
![বাক্সাত শ্বহীদ পৰিয়ালৰ ধৰ্ণা কাৰ্যসূচী স্বহীদ পৰিয়ালৰ ধৰ্ণা কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6389060-thumbnail-3x2-kk.jpg)
স্বহীদ পৰিয়ালৰ ধৰ্ণা কাৰ্যসূচী