অসম

assam

By

Published : Dec 3, 2019, 11:58 PM IST

ETV Bharat / state

ৰাজধানী চহৰত বিপদত পৰিল সাংসদ নৱ শৰণীয়া

দেশৰ ৰাজধানী দিল্লীত অথন্তৰ ঘটিল সাংসদ নৱ শৰণীয়াৰ ৷ ৰাজধানী চহৰখনৰ যন্তৰ-মন্তৰত এ বি আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মিতা দেখুৱাবলৈ গৈ ককৰ্থনাৰ সন্মুখীন হ’ল সাংসদগৰাকী ৷

ৰাজধানী চহৰত অথন্তৰ সাংসদ নৱ শৰণীয়াৰ
যন্তৰ-মন্তৰত এ বি আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মিতা দেখুৱাবলৈ গৈ ককৰ্থনাৰ সন্মুখীন সাংসদ নৱ শৰণীয়া

দিল্লী, 3 ডিচেম্বৰ: দেশৰ ৰাজধানী দিল্লীত অথন্তৰ ঘটিল সাংসদ নৱ শৰণীয়াৰ ৷ ৰাজধানী চহৰখনৰ যন্তৰ-মন্তৰত এ বি আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মিতা দেখুৱাবলৈ গৈ ককৰ্থনাৰ সন্মুখীন হ’ল সাংসদগৰাকী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে এ বি আমছুৰ এটা সঁজাতি দলে সংগঠনটোৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ত কৰাৰ লগতে ফাঁচি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ উক্ত প্ৰতিবাদস্থলীত ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া উপস্থিত হয় ৷ শৰণীয়াক দেখা মাত্ৰেই প্ৰতিবাদকাৰীসকলে ‘হীৰা শৰণীয়া গ’-বেক’ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, সাংসদ শৰণীয়াই বিগত লোকসভা নিৰ্বাচনৰ সময়ত এ বি আমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যত এটাও প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

যন্তৰ-মন্তৰত এ বি আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত সহমৰ্মিতা দেখুৱাবলৈ গৈ ককৰ্থনাৰ সন্মুখীন সাংসদ নৱ শৰণীয়া

লগতে চাওক:6 দিনীয়া কাৰ্যসূচীৰে "নলবাৰী গ্ৰন্থমেলা"

ABOUT THE AUTHOR

...view details