বাক্সা,30 এপ্ৰিলঃশেহতীয়াভাকৈ বাক্সা জিলাত দুগৰাকী সাংবাদিক আৰু বাতৰি কাকত বিতৰকক কৰ্তব্যৰত অৱস্থাত আৰক্ষী আৰু বিএছএফৰ জোৱানে শাৰীৰিকভাৱে প্ৰহাৰ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাত বৰ্তমান সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বিগত ২৫ এপ্ৰিলত সাংবাদিক দিলীপ কুমাৰ বড়োক বিএছএফ জোৱানে বৰমাত বাতৰি সংগ্ৰহ কৰি থকা সময়ত লাঠীৰে কোবাই আহত কৰিছিল ৷ পৰৱৰ্তী ২৮ এপ্ৰিলত এখন বাতৰি কাকত আৰু এটা ৱেব প’ৰ্টেলৰ সাংবাদিকক বাতৰি সংগ্ৰহ কৰি ঘৰলৈ উভটি অহাৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰে । লগতে দুগৰাকী বাতৰি বিতৰককো শাৰীৰিকভাৱে প্ৰহাৰ কৰে আৰক্ষীয়ে ৷ এই ঘটনাৰ প্ৰতিবাদত জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ প্ৰেছ ক্লাবৰ সদস্যসকলে সামাজিক দূৰত্ব বজাই ৰাখি ক’লা বেজ পৰিধানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে তামুলপুৰ প্ৰেছ ক্লাবৰ প্ৰতিবাদ
ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ শেহতীয়াকৈ বাক্সা জিলাত কৰ্তব্যৰত দুগৰাকী সাংবাদিক নিৰ্যাতনৰ সন্মুখীন হয় ৷ সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত তামুলপুৰ প্ৰেছ ক্লাবে বৃহস্পতিবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷
ক্লাবটোৰ সম্পাদক ৰজনী বৰ্মনে কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ লগতে সভাপতি খগেন বৈশ্যই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা আক্ৰমণ কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে বুলি উল্লেখ কৰে ৷ সাংবাদিকৰ ওপৰত চলোৱা এই আক্ৰমণৰ ঘটনাৰ গৰিহণা দি বৈশ্যই উচিত তদন্তৰ দাবী কৰি সাংবাদিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় । উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰেছ ক্লাৱটোৰ উপ-সভাপতি চক্ৰেশ্বৰ ডেকাকে ধৰি অন্যান্য সাংবাদিকসকল ৷ সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ তামুলপুৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
লগতে চাওকঃলক ডাউনৰ মাজত "ইটিভি ভাৰত অসম"ৰ সংবাদকৰ্মীক আক্ৰমণ