অসম

assam

ETV Bharat / state

বাক্সাৰ বৰমাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ - বাক্সা জিলাৰ বৰমাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ বাক্সা জিলাৰ বৰমা কদমতলত ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ ৷

protest against supply minister at baksha
বাক্সা জিলাৰ বৰমাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

By

Published : Nov 5, 2020, 2:22 PM IST

বৰমা,৫নৱেম্বৰঃঅত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ বাক্সা জিলাৰ বৰমা কদমতলত ৷ পৰিৱৰ্তনৰ শ্লোগান দি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰ ব্যৰ্থ হৈছে মূল্যবৃদ্ধি ৰোধ কৰাত ৷ বজাৰত প্ৰতিটো সামগ্ৰীৰে জুই চাই দাম ৷ যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে মূৰে কপালে হাত দিবলগীয়া হৈছে ৷ বজাৰ নিয়ন্ত্ৰত সম্পূৰ্ণৰূপে ব্য়ৰ্থ হৈছে যোগান মন্ত্ৰী ফনীভূষন চৌধুৰী,যাৰ বাবে যোগান মন্ত্ৰীক পদত্যাগৰ দাবী জনাইছে নেমছুৱে ৷

বাক্সা জিলাৰ বৰমাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ বাবে বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমা কদমতলত নেমছুই (উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা) যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত পুত্তলিকা দাহ কৰি "অসম চৰকাৰ গো বেক,যোগান মন্ত্ৰী হায় হায়,মূল্য বৃদ্ধি ৰোধ কৰক" আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক:মৃত্যু দিৱসত এলাগী ভূপেন হাজৰিকাৰ বাসগৃহ

ABOUT THE AUTHOR

...view details