বাক্সা, 9 জুনঃ উত্তৰ প্ৰদেশৰ আঢ়ৈ বছৰীয়া কণমানি টুইংকল শৰ্মাৰ বৰ্বৰ ধৰ্ষণ আৰু তাৰ পিচতে সংঘটিত হত্যাকাণ্ড বিৰুদ্ধে বাক্সাত প্ৰতিবাদ সাব্যস্ত ৷ দেওবাৰে আবেলি ৪ বজাত বাক্সা জিলাৰ দ্বাৰকুছী প্ৰাথমিক বিদ্যালয়স্থিত ষ্টাৰ ডান্স একাডেমীৰ প্ৰশিক্ষক তথা অভিনেতা শ্বাৰুখ আলী খানৰ নেতৃত্বত কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলৰ উপস্থিতিত এক মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
টুইংকল শৰ্মাৰ ধৰ্ষণকাৰীক শাস্তিৰ দাবীত মৌন প্ৰতিবাদ - 2 and Half Years Old Raped and Murdered
উত্তৰ প্ৰদেশত সংঘটিত কণমানি টুইংকল শৰ্মাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত এক মৌন প্ৰতিবাদ সাব্যস্ত কৰে ষ্টাৰ ডান্স একাডেমীয়ে ৷ বাক্সা জিলাৰ দ্বাৰকুছী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে একাডেমীৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে ৷
![টুইংকল শৰ্মাৰ ধৰ্ষণকাৰীক শাস্তিৰ দাবীত মৌন প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3516045-119-3516045-1560101451683.jpg)
Protest Against Rape
টুইংকল শৰ্মাৰ ধৰ্ষণকাৰীক শাস্তিৰ দাবীত মৌন প্ৰতিবাদ
অধিক পঢ়কঃ ড্ৰাগছৰ ঘাটিত নিহত গোলাঘাটৰ যুৱক
ষ্টাৰ ডান্স একাডেমীৰ অভিনেতা তথা প্ৰশিক্ষক শ্বাৰুখ আলী খানে, উত্তৰ প্ৰদেশৰ টুইংকল শৰ্মাক যি দুগৰাকী পাষণ্ডই ধৰ্ষণ কৰি যেনদৰে হত্যা কৰিলে আৰু যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰ নহয় সেয়ে উচ্চতম ন্যায়ালয়ক দুয়ো গৰাকী অপৰাধীকে উচিত শান্তি প্ৰদান কৰি কণমানি সৃষ্টি শৰ্মাৰ পৰিয়ালক ন্যায় দিবলৈ আহ্বান জনায় ।