অসম

assam

By

Published : Jul 7, 2020, 5:37 PM IST

ETV Bharat / state

ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে আদিবাসী চেংগল অভিযানৰ তীব্ৰ প্ৰতিবাদ

ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ লগত জড়িত লোকক ফাঁচিৰ দাবীত উত্তাল প্ৰতিবাদ আদিবাসী চেংগল অভিযানৰ সদস্য সকলৰ ৷

Protest Against Rameswar Murmu Murdered Incident At Baksha
ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে আদিবাসী চেংগল অভিযানৰ তীব্ৰ প্ৰতিবাদ

বাক্সা, 7 জুলাইঃবাক্সাত ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক উচিত শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আদিবাসী চেংগল অভিযান নামৰ সংগঠনটোৰ সদস্য সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে আদিবাসী চেংগল অভিযানৰ তীব্ৰ প্ৰতিবাদ

উল্লেখ্য যে, ঝাৰখণ্ডত যোৱা 12 জুনত ৰামেশ্বৰ মুৰ্মু নামৰ আদিবাসী লোকজনক দুৰ্বৃত্তই হত্যা কৰিছিল ৷ উক্ত হত্যাকাণ্ডটোৰ বিৰুদ্ধে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লাওপাৰাত বাক্সা জিলাৰ চেংগল অভিযানৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে উক্ত হত্যাকাণ্ডটোৰ লগত জড়িত লোকক আটক কৰি ফাঁচি দিবলৈ চৰকাৰ প্ৰশাসনক দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷

জানিব পৰা মতে চাওতালী জনগোষ্ঠীৰ বীৰ ছহীদ চিডো মুৰ্মু আৰু কানু মুৰ্মুৰ ভাতৃ আছিল ৰামেশ্বৰ মুৰ্মু । উল্লেখ্য যে, ১৯৫৫ চনৰ ৩০ জুনত বৃটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ভাৰতবৰ্ষৰ ভিতৰতে চাওতালী জনগোষ্ঠীৰ পৰা প্ৰথম ছহিদ হৈছিল । ইতিমধ্যে উক্ত হত্যাকাণ্ডটো চিবিআই তদন্তৰ দাবীত মঙলবাৰে সমগ্ৰ ভাৰতবৰ্ষতে আদিবাসী চেংগল অভিযানৰ আহ্বান মৰ্মে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে বাক্সা জিলা চেংগল অভিযান সমিতিয়ে ছহিদ পৰিয়ালটোক ১ কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ লগতে মুৰ্মুৰ হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তক ফাঁচি দিবলৈ চৰকাৰ প্ৰশাসনক দাবী তোলে।

লগতে পঢ়ক- নিয়ন্ত্ৰণ ৰেখাত নিশা বায়ু সেনাৰ অভিযান

ABOUT THE AUTHOR

...view details