বাক্সা, ৭ ছেপ্টেম্বৰ :সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এতিয়াও ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে সাধাৰণ জনতাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নতুন জিলা গঠনক ৰাজ্যৰ বহু জনতাই এতিয়াও মানি লোৱা নাই ৷ শেহতীয়াকৈ তামুলপুৰ জিলা গঠনৰ পিচত প্ৰতিবাদ মুখৰ হৈ পৰিছে বাক্সাৰ সুৱনখাটা, জোপাদোং ভিচিডিচিৰ ১৪ খন ৰাজহ গাঁৱৰ ৰাইজ । বৃহস্পতিবাৰে সুৱনখাটাত ১৪ খন ৰাজহ গাঁৱৰ কেইবা শতাধিক পুৰুষ-মহিলাই একগোট হৈ প্ৰতিবাদী সমদল উলিয়াই ৷ তেওঁলোকৰ দাবী হ’ল যে যিকোনো কাৰণত তেওঁলোকক যাতে তামুলপুৰ জিলাত অন্তৰ্ভুক্ত নকৰে ৷
দৰাচলতে বাক্সা জিলাত সংলগ্ন হৈ থকা সুৱনখাটা-জোপাদোঙৰ ১৪ খন ৰাজহ গাঁৱক নৱগঠিত তামুলপুৰ জিলাত অন্তৰ্ভূক্ত কৰি ৰাজনৈতিকভাৱে তামুলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰে । যাৰ কাৰণে এই অঞ্চলৰ জনসাধাৰণে এই ১৪ খন গাঁৱক বিবেচনা কৰি বাক্সা জিলাত ৰখাৰ কাৰণে দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । কিন্তু ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি নজনোৱাত বৃহস্পতিবাৰে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ।