অসম

assam

By

Published : Oct 16, 2020, 8:02 PM IST

ETV Bharat / state

চন্দন ব্ৰহ্মই থানবান কৰি পেলাব বিপিএফ দলঃ প্ৰমোদ বড়ো

তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়েই নহয়,বিপিএফৰ বহু নেতাই যোগদান কৰিব আন দলত এই বিস্ফোৰক ভাষ্য প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷

promod-boro-says-on-btc-election
চন্দন ব্ৰহ্মই থানবান কৰি পেলাব বিপিএফ দলঃ প্ৰমোদ বড়ো

বৰমা, ১৬ অক্টোবৰঃ আগন্তুক ডিচেম্বৰ মাহত অনুষ্ঠিত হব বিটিচি নিৰ্বাচন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দল সমূহে চলাই আহিছে নিৰ্বাচনী কুছকাৱাজ ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেও বিটিচি দখলৰ বাবে আৰম্ভ কৰিছে তৎপৰতা ৷ পিচে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত হাগ্ৰামাৰ সংগ এৰিবলৈ সাজু হৈছে বহু নেতাই ৷

চন্দন ব্ৰহ্মই থানবান কৰি পেলাব বিপিএফ দলঃ প্ৰমোদ বড়ো

বিপিএফৰ বিৰোধী দল ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ভৱিষ্যত বাণী কৰি বিপিএফ দল থানবান হৈ যাব বুলি কয় ৷ বাক্সা জিলাৰ শালবাৰীৰ নিমুৱাত শুকুৰবাৰে এখন নিৰ্বাচনী সভাত অংশ লৈ বিপিএফ দলৰ ভৱিষ্যত সম্পৰ্কে মন্তব্য দিলে প্ৰমোদ বড়োৱে ৷ তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়েই নহয়, বিপিএফৰ বহু নেতাই যোগদান কৰিব আন দলত এই বিস্ফোৰক ভাষ্য প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷ ইউ পি পি এল দলে পৰিষদ গঠন কৰিব পাৰিলে বিগত 17 বছৰত সংঘটিত প্ৰতিটো দূৰ্নীতিৰে তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰো ব্যৱস্থা কৰা হ‘ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

উল্লেখ্য যে,নিৰ্বাচনী সভাৰ পূৰ্বে ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে শান্তি,সম্প্ৰীতিৰ হকে বড়োসকলৰ উপাস্য দেৱতা বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰে ৷
লগতে পঢ়ক: চাৰি ভাতৃ ভগ্নীক নৃশংসভাৱে হত্যা

ABOUT THE AUTHOR

...view details