অসম

assam

ETV Bharat / state

বাক্সাত ইউপিপিএলৰ নিৰ্বাচনী সভা - election campaign

ইউপিপিএলৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে কটাক্ষ কৰি বিটিচিত শীঘ্ৰে বিপিএফ দল নিঃশেষ হ’ব বুলি মন্তব্য কৰে ৷

promod boro election campaign in baska
বাক্সাত ইউপিপিএলৰ নিৰ্বাচনী সভা

By

Published : Nov 21, 2020, 8:50 PM IST

বাক্সা, 21 নৱেম্বৰ: বাক্সাৰ 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ দেৱচৰাৰ শনিবাৰে ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে দলটোৰ সভাপতি প্ৰমোদ বড়োৱে ৷ নিৰ্বাচনী সভাত উপস্থিত হোৱাৰ পাছতেই প্ৰায় কেইবা শতাধিক সমৰ্থকে নৃত্য-গীতেৰে আদৰণি জনায় প্ৰমোদ বড়োক ৷ ইউপিপিএলৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে কটাক্ষ কৰি বিটিচিত শীঘ্ৰে বিপিএফ দল নিশেষ হ’ব বুলি মন্তব্য কৰে ৷

বাক্সাত ইউপিপিএলৰ নিৰ্বাচনী সভা

আনহাতে বিজেপিৰে মিত্ৰতা সন্দৰ্ভত প্ৰমোদ বড়োৱে এতিয়া একো ভবা নাই নাই, বতৰটো চাব লাগিব বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে বিপিএফৰ হেভিৱেট দুজন দেওবাৰে বিজেপি লৈ যাব গতিকে বিপিএফ কিছু পাতল হ’ব বুলি কটাক্ষ কৰে প্ৰমোদ বড়োৱে ৷ তেওঁ লগতে আৰু কেইদিনমান পাচত কেইজনমান গ’লে আৰু পাতল হ’ব বুলি মন্তব্য কৰি এদিন হাগ্ৰামা অকলশৰীয়া হ’ব সেইটো খাটাং বুলি উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে, হাগ্ৰামাৰ 17 বছৰীয়া অপশাসন-দুৰ্নীতিয়ে ছানি ধৰিছে ৷ ৰাইজে পৰিবৰ্তন বিচাৰিছে ৷ গতিকে এইবাৰ ইউপিপিএলৰে চৰকাৰ হ’ব বুলি দাবী কৰি কয় প্ৰমোদ বড়োৱে ৷ লগতে ইউপিপিএলৰ চৰকাৰ গঠন হ’লে সকলো জাতি - জনগোষ্ঠীৰ ভাষা-সংস্কৃতি ৰক্ষা কৰি সত্ৰ, নামঘৰ, মছজিদ, বাথৌ থানতালি নিৰ্মাণ কৰি সকলো লোকক নিৰাপত্তা প্ৰদান কৰিব বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক: মথাউৰি পুনৰ নিৰ্মাণৰ বাবে মুকলি 2 কোটি 11 লাখ টকা

ABOUT THE AUTHOR

...view details