বাক্সা, 13 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ অন্ত পৰাৰ পাচতেই তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল (UPPL) ৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ বাক্সাৰ তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই এবছুৰ সভাপতি প্ৰমোদ বড়োই ৷ তামুলপুৰৰ ৰামেচুবুৰীত অনুষ্ঠিত দলটোৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনাৰে থকা-সৰকা এবছু নেতাগৰাকীয়ে ৷
" হীৰা-হাগ্ৰামাৰ এটাই নীতি, বড়ো-অবড়োৰ ৰাজনীতি ! " - হীৰা শৰণীয়া
বাক্সাৰ তামুলপুৰত ইউ জি বহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰমোদ বড়োই ৷ সভাত বিপিএফক সমালোচনাৰে থকা-সৰকা এবছু নেতাগৰাকীৰ ৷
নিজ ভাষণ প্ৰসংগত তেওঁ কয় যে, হীৰা শৰণীয়া আৰু হাগ্ৰামা মহিলাৰীয়ে বড়ো -অবড়ো মাজত ৰাজনীতি কৰিয়েই নিৰ্বাচনী বৈতৰণী পাৰ কৰিছে ৷ বিটিচিত হাগ্ৰামা মহিলাৰীৰ কোনো আঁচনি নাই ৷ আঁচনিৰ নামত কেৱল সূতা-কম্বল বিতৰণ কৰিয়েই ৰাইজক ভেটিগ্ৰস্ত কৰি ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে ৷ জাতিক বিক্ৰী কৰাৰ দায়িত্ব হাগ্ৰামা মহিলাৰীৰ হাতত আছে, এবছুৰ হাতত নাই ৷ লগতে তেওঁ কয় যে, বিগত 17 টা বছৰত হাগ্ৰামা মহিলাৰীয়ে কেৱল বড়ো জনগোষ্ঠীক নহয়, বিটিচিত বসবাস কৰা প্ৰত্যেকটো জাতি-জনগোষ্ঠীক ধব্বংসৰ মুখলৈ ঠেলি দিছে ৷