বাক্সা, 19 ছেপ্তেম্বৰঃ ক্ৰমাৎ তৃতীয়বাৰলৈ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে বিটিচি পৰিষদীয় নিৰ্বাচন ৷ শনিবাৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জাৰী কৰা নিৰ্দেশ মৰ্মে পুনৰবাৰ পিছুৱাই দিয়া হয় নিৰ্বাচন ৷ যাৰ ফলত বিটিচিৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ এই উত্তেজনাৰ মাজতে শনিবাৰে গৈয়বাৰী পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।
বিটিচি পৰিষদীয় নিৰ্বাচন পিছুওৱা সন্দৰ্ভত প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া - প্ৰমোদ বড়ো
শনিবাৰে গৈয়বাৰী পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত হয় । দীমিলাপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

দীমিলাপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে কয়, যদি ৰাজ্য চৰকাৰে বৰ্ধিত কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেন্তে দলে এই সিদ্ধান্তক সমৰ্থন জনায় ৷ কাৰণ জনসাধাৰণৰ সুৰক্ষাতকৈ ওপৰত একো হ’ব নোৱাৰে ৷ কিন্তু যদি সম্ভৱ হয় তেনেহ’লে বিহাৰৰ লগতে অন্যান্য ৰাজ্যসমূহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দৰে বিটিচিটো নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰিব লাগে ৷
লগতে পঢ়ক-ডিফুত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আহ্বান জৰুৰী সভা