অসম

assam

ETV Bharat / state

বাক্সাত বিপিএফৰ সংবাদমেল সম্বোধন - জিনাৰাম বড়ো আৰু অমিত বড়োক বহিষ্কৃত

বাক্সাৰ 29 নং শুক্লাইছেৰফাং পৰিষদীয় সমষ্টিৰ শুৱাগপুৰত বিপিএফৰ সংবাদমেল ৷ বিপিএফৰ দুই নেতাক বহিস্কাৰ কৰাৰ কথা উল্লেখ কৰিলে বিপিএফ নেতা ধনপতি পাড়ৌলে ৷

দুই নেতাক বহিষ্কাৰ
বাক্সাত বিপিএফৰ সংবাদমেল সম্বোধন

By

Published : Nov 20, 2020, 2:08 PM IST

বাক্সা, 20 নৱেম্বৰ : বিটিচিৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ শুক্লাই চেৰফাং ব্লকত বিপিএফে এখন সংবাদমেলৰ আয়োজন কৰি সমষ্টিটোৰ দুই বিপিএফ নেতাক বহিস্কাৰৰ তথ্য সদৰি কৰে ৷ বিপিএফৰ পৰা বহিস্কৃত এই দুই নেতা হৈছে জিনাৰাম বড়ো আৰু অমিত বড়ো ৷ দলৰ নীতি বহিৰ্ভূত কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এই দুই নেতাক বহিস্কাৰ কৰা বুলি জানিবলৈ দিয়ে নেতা ধনপতি পাড়ৌলে ৷

বাক্সাত বিপিএফৰ সংবাদমেল সম্বোধন

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ নিৰ্বাচনী প্ৰচাৰ বৃদ্ধি পোৱাৰ লগতে সমান্তৰালকৈ চলিছে ইটো দলৰ পৰা সিটোলৈ দল বাগৰা ৰাজনীতি ৷ প্ৰতিদিনে ৰাজনৈতিক দলসমূহত যোগদান কৰিছে বহু লোকে ৷ এইবাৰ দলৰ নীতি নিয়ম উলংঘা কৰাৰ অভিযোগত বহিস্কাৰ দুই বিপিএফ নেতাক ৷ উল্লেখ্য যে, বিগত কালত বিটিচিৰ বিপিএফ দলৰ দুৰ্গ হিচাপে চিহ্নিত হোৱা তথা শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত দায়িত্ব পালন কৰা দুই বিপিএফ নেতা জিনাৰাম বড়ো আৰু অমিত বড়োক বিপিএফ দলে দলৰ নীতি বহিৰ্ভূত কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত বহিস্কাৰ কৰে ।

লগতে পঢ়ক :ফাট মেলিল বিজেপি আৰু বিপিএফৰ মিত্ৰতাত !

ABOUT THE AUTHOR

...view details