অসম

assam

ETV Bharat / state

জনজাতিৰ বিৰুদ্ধাচৰণ কৰিছে নৱ কুমাৰ শৰণীয়াইঃবিশ্বজিৎ দৈমাৰী - Tribal belt and block land issue

শনিবাৰে বাক্সাৰ তামুলপুৰত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত দৈমাৰীয়ে নৱ কুমাৰ শৰণীয়াক কঠোৰ সমালোচনা কৰে ৷ লগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

শনিবাৰে বাক্সাৰ তামুলপুৰত
সংবাদমেল সম্বোধন সাংসদ বিশ্বজিৎ দৈমাৰীৰ

By

Published : Jan 5, 2020, 1:50 AM IST

বাক্সা,4 জানুৱাৰীঃ শনিবাৰে বাক্সাৰ তামুলপুৰত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত দৈমাৰীয়ে শেহতীয়াকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাস কৰা অ-জনজাতীয় লোক উচ্ছেদ হ’ব লাগিব বুলি উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনাক আলোচনা কৰে ৷

সংবাদমেল সম্বোধন সাংসদ বিশ্বজিৎ দৈমাৰীৰ

দৈমাৰীয়ে কয়,বিষয়টো লৈ বি টি এ ডি-ত বসবাস কৰা কোনো লোক আতংকিত হোৱাৰ প্ৰয়োজন নাই ৷ কেৱল ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে সাংসদ নৱ কুমাৰ শৰণীয়াই বি টি এ ডি-ৰ ৰাইজৰ মাজত এই সন্দৰ্ভত অপপ্ৰচাৰ চলাই আছে ৷ শৰণীয়াই প্ৰচাৰ কৰা কথাসমূহ অমূলক আৰু ভিত্তিহীন । কোনো লোকে অপপ্ৰচাৰত ভোল যোৱা উচিত নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷

নৱ কুমাৰ শৰণীয়াক কঠোৰ সমালোচনা

লগতে সাংসদগৰাকীয়ে উল্লেখ কৰে যে,"নৱ কুমাৰ শৰণীয়াই জনৈক প্ৰদ্যুত বৰা নামৰ এজন লোকৰ দ্বাৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত পি আই এল কৰিছিল ৷ এনেবোৰ প্ৰসংগ উত্থাপন কৰি বড়ো-অবড়োৰ মাজত বিভাজনমুখী নিকৃষ্ট ৰাজনীতিৰে ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত আধিপত্য বিস্তাৰৰ বাবে শৰণীয়াই প্ৰয়াস চলাইছে । কিন্তু কু-অভিসন্ধি কেতিয়াও সফল হ’ব নোৱাৰে"।যদি নতুনকৈ কোনো লোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি অবৈধভাৱে দখল কৰি আছে,সেয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিভাগীয় কৰ্তৃপক্ষই চালি-জাৰি চাই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে সাংসদ দৈমাৰীয়ে ৷

বি টি চি ত কোনো প্ৰভাৱ নপৰে চি এ এ ৰ

আনহাতে,সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ দৈমাৰীয়ে ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া বি টি চি পৰিষদীয় নিৰ্বাচনত বি পি এফে মিত্ৰদলৰ সৈতে পুনৰ বি টি চি দখল কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে। লগতে ইউ টি চি গঠন সন্দৰ্ভত কোনো পৰিকল্পনা সম্পৰ্কে অৱগত নহয় বুলিহে উল্লেখ কৰে ৷ লগতে কয়,অসমৰ বিভিন্ন প্ৰান্তত থকা বড়ো জনগোষ্ঠীয় লোকসকলৰ সমস্যাসমূহ সমাধানৰ প্ৰচেষ্টা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে ।

বড়োসকলৰ সমস্যা সমাধানত গুৰুত্ব

ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ বি টি চি নিৰ্বাচনত পৰিব নেকি বুলি সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ দৈমাৰীয়ে কয়,যিহেতু এই আইন বি টি এ ডি ৰ আওঁতাৰ বাহিৰত গতিকে ইয়াৰ কোনো প্ৰভাৱ নপৰে । বিপৰীতে অসমৰ ৰাইজৰ স্বাৰ্থত যিসকলে গণতান্ত্ৰিক আন্দোলন কৰি আছে,সেয়া তেওঁলোকৰ অধিকাৰ বুলিহে মন্তব্য আগবঢ়ায় সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অভয় প্ৰদান

লগতে চাওকঃমাজুলীৰ বিদ্য়ালয়ত চুঙাপিঠা উৎসৱ

ABOUT THE AUTHOR

...view details