অসম

assam

By

Published : Apr 23, 2019, 3:43 PM IST

Updated : Apr 23, 2019, 7:32 PM IST

ETV Bharat / state

বাক্সাৰ তামুলপুৰত প্ৰিজাইডিং বিষয়া অসুস্থ

তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াত বাক্সাত অঘটন ৷ সোমবাৰে নিশা তামুলপুৰত কৰ্তব্যত নিয়োজিত প্ৰিজাইডিং বিষয়াৰ হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে ৷

বাক্সাৰ তামুলপুৰত প্ৰিজাইডিং বিষয়া অসুস্থ

বাক্সা,23এপ্ৰিল: বাক্সাৰ তামুলপুৰ ১১৯ নম্বৰ ঝাৰগাঁও প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া নোমল লাহৰীৰ সোমবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰ ভাবে অসুস্থ হয় । নিশা সহযোগী পলিং বিষয়া আৰু ৰাইজে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসক ডাঃ হাৰিমোহন কলিতাই দুৱাৰ খুলি নিদিয়াৰ অভিযোগ উঠিছে ।

পাচত অন্য এজন চিকিৎসকে আহি তৎপৰতাৰে চিকিৎসা প্ৰদান কৰাৰ পাচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে । নিশাই তামুলপুৰৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহি চিকিৎসালয়ত উপস্থিত হয় আৰু লোকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰে । ইপিনে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হয় ৷ আনহাতে প্ৰাথমিক চিকিৎসা কেন্দ্ৰটোৰ চিকিৎসকৰ গাফিলতিৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন লোকে ৷

বাক্সাৰ তামুলপুৰত প্ৰিজাইডিং বিষয়া অসুস্থ
Last Updated : Apr 23, 2019, 7:32 PM IST

ABOUT THE AUTHOR

...view details