তামুলপুৰ, 19 ফেব্ৰুৱাৰী : দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ ৩৭ সংখ্যক অধিৱেশনখন অহা ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ৰজাগড়ৰ প্ৰয়াত মানিক মহাজন সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব (annual conference of Darang and Odalguri District Kaibarta Sanmilani) ৷ ইয়াকে লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰমোদ হাজৰিকা আৰু সম্পাদক শশধৰ দাসে জনোৱা মতে ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৬.৩০ বজাত শৰাই নিবেদন কৰাৰ পিছতেই মুখ্যদ্বাৰ আৰু তোৰণ উন্মোচন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰং জিলাৰ প্ৰাক্তন সভাপতি বীৰেণ চহৰীয়াই ৷
ইয়াৰ পাছতেই পুৱা ৭.৩০ বজাত পৰিবেশ নিকাকৰণ আৰু ৮ বজাত ভাগৱত পাঠ কৰিব ৰজাগড় শাখা কৈৱৰ্ত সন্মিলনীৰ উপদেষ্টা লক্ষীৰাম দাসে (Darang and Odalguri District Kaibarta Sanmilani) ৷ ৯ বজাত পতাকা উত্তোলন কৰিব দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ দাসে ৷ ৯-৩০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাপে উপস্থিত থাকিব ৰজাগড় আঞ্চলিক অনুসূচিত জাতি পৰিষদৰ উপদেষ্টা ৰমেশ চন্দ্ৰ দাসে ৷ ১০ বজাত অনুষ্ঠিত হ’বলগীয়া ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি আগবঢ়াব সমাজ কৰ্মী মহেশ শৰ্মা আৰু দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ সাধাৰণ সম্পাদক তিলক চন্দ্ৰ দাসে ৷
সন্ধিয়া ৫-৩০ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব উদযাপন সমিতিৰ সভাপতি প্ৰমোদ হাজৰিকাই ৷ আনহাতে দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্ব অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি শিবিৰৰ উদ্ধোধন কৰিব বৰঙ্গাবাৰী শাখা কৈৱৰ্ত সন্মিলনীৰ উপদেষ্টা প্ৰফুল্ল দাসে ৷ ইয়াৰ পাচত ৬ বজাত বন্তি প্ৰজ্বলন কৰিব দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ কাৰ্যকৰী সভাপতি হৰেশ্বৰ দাসে ৷ ৭ বজাত সাংস্কৃতিক সন্ধিয়াৰ উদ্ধোধন কৰিব শিক্ষয়িত্ৰী কানন ডেকাই ৷