বাস্কা, 18 জুন : বাক্সাৰ কুমাৰীকাটাত বৃহস্পতিবাৰে বিপিএফৰ এখন কৰ্মী সভাত উপস্থিত হয় ৰাজ্য চৰকাৰ তথা বিপিএফ দলৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । সভাত মন্ত্ৰীগৰাকীয়ে বুধবাৰে তামুলপুৰত ৰাজ্যৰ বিত্তমন্ত্ৰীৰ ভাষণ সমূহক ৰাজনৈতিক ডাইলগ আখ্যা দিয়ে । তেওঁ লগতে উল্লেখ কৰে যে, বিজেপি দলৰ সৈতে মিত্ৰতা এতিয়াও আছে আৰু সেয়ে সম্পৰ্ক বেয়া কৰিব বিচৰা নাই । আনহাতে বিজেপি দলে প্ৰতিটো সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰোৱা বাবে তেওঁলোকৰ যুক্তি মানি লোৱা বুলি কয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ।
এজন মন্ত্ৰীৰ ভাষণক ৰাজনৈতিক ডাইলগ আখ্যা প্ৰমিলা ৰাণী ব্ৰহ্মৰ - bpf bjp allience
বিজেপি আৰু বিপিএফৰ মাজত অন্তঃকন্দলৰ উকমুকনি ৷ বাক্সাত প্ৰমিলা ৰাণী ব্ৰহ্মৰ মন্তব্যই দিলে তাৰেই উমান ৷
pramila rani brahma visited baksa