অসম

assam

ETV Bharat / state

তামুলপুৰৰ গৰাখহনীয়া অঞ্চলত প্ৰমীলাৰাণী ব্ৰহ্ম

বিগত জুন মাহৰ শেষৰ সপ্তাহত ভূটানৰ পৰা বৈ অহা পাগলাদীয়া নদীৰ বাঢ়নী পানীয়ে বৰবিলাগাঁও বুৰাই পেলোৱাৰ উপৰিও অঞ্চলটোত পাগলাদিয়া নদীৰ কোৱাল সোঁতে গৰাখহনীয়াৰ সৃষ্টি কৰি প্ৰায় 15 টা পৰিয়ালক গৃহহীন কৰে ৷

By

Published : Jul 7, 2019, 8:47 PM IST

তামুলপুৰৰ গৰাখহনীয়া অঞ্চলত প্ৰমীলা ৰাণী ব্ৰহ্ম

বাক্সা, 7 জুলাইঃ বাক্সাৰ তামুলপুৰত প্ৰমীলা ৰাণী ব্ৰহ্মই পৰিদৰ্শন কৰিলে বান পীড়িত ৰাইজৰ লগতে গৰাখহনীয়া অঞ্চল ৷ দেওবাৰে তামুলপুৰৰ বৰবিলা গাঁৱৰ বানপীড়িত ৰাইজৰ লগতে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে ব্ৰহ্মই ৷ বিগত জুন মাহৰ শেষৰ সপ্তাহত ভূটানৰ পৰা বৈ অহা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বৰবিলাগাঁও বুৰাই পেলোৱাৰ উপৰিও অঞ্চলটোত পাগলাদিয়া নদীৰ কোৱাল সোঁতে গৰাখহনীয়াৰ সৃষ্টি কৰি প্ৰায় 15 টা পৰিয়ালক গৃহহীন কৰে । এই গৃহহীন পৰিয়াল কেইটাই উপায়ন্তৰ হৈ গাঁৱখনৰ মছজিদত আশ্ৰয় লৈ আছে ।

তামুলপুৰৰ গৰাখহনীয়া অঞ্চলত প্ৰমীলাৰাণী ব্ৰহ্ম

আনহাতে, গৃহহীন পৰিয়াল কেইটাক ট্ৰিপাল,চাউল আদি যোগান ধৰে প্ৰমীলাৰাণী ব্ৰহ্মই । লগতে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে দীৰ্ঘম্যাদী আচনি হাতত ল'ব বুলি মন্তব্য কৰে । পৰিদৰ্শনৰ সময় চোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে বিধায়ক ইমানুৱেল মুছাহাৰীৰ উপৰিও বি পি এফ দলৰ বহু গৰাকী নেতাই ।

ABOUT THE AUTHOR

...view details