অসম

assam

ETV Bharat / state

বাক্সাত স্বাধীনতা দিৱস উপলক্ষে প্ৰভাত ফেৰী - MLA Bhupen Boro

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) পালনৰ বাবে সাজু হৈছে দেশবাসী । সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী । এই আহ্বানক সাফল্যমণ্ডিত কৰিবলৈ শণিবাৰে বৰমাত বিধায়ক ভূপেন বড়োৰ উদ্যোগত বিশেষ প্ৰভাত ফেৰীৰ আয়োজন কৰা হয়(Prabhat feri on occasion of Independence Day)।

Har Ghar Tiranga
বাক্সাত স্বাধীনতা দিৱস উপলক্ষে প্ৰভাত ফেৰী

By

Published : Aug 13, 2022, 10:27 PM IST

বাক্সা,১৩ আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th Years of Independence)পালনৰ বাবে সাজু হৈছে দেশবাসী । সমগ্ৰ দেশে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ(Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে ‘হৰ ঘৰ ত্ৰিৰংগা’ (Har Ghar Tiranga) কাৰ্যসূচী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো নাগৰিকক দেশৰ অখণ্ডতা,ৰাষ্ট্ৰপ্ৰেম, ৰাষ্ট্ৰীয় একতাৰ ভাৱনাক জাগ্ৰত কৰিবলৈ এই আহ্বান জনাইছে । এই আহ্বানক সাফল্যমণ্ডিত কৰিবলৈ শণিবাৰে বৰমাত বিধায়ক ভূপেন বড়োৰ(MLA Bhupen Boro)উদ্যোগত বিশেষ প্ৰভাত ফেৰীৰ আয়োজন কৰা হয়(Prabhat feri on occasion of Independence Day)। উক্ত অনুষ্ঠানত বিধায়ক বড়োই এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাইজে স্বতঃফুৰ্তভাৱে অংশ গ্ৰহণৰ বাবে ওলাই অহা বুলি উল্লেখ কৰি সকলোকে শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস পালনৰ আহ্বান জনায় ।

বাক্সাত স্বাধীনতা দিৱস উপলক্ষে প্ৰভাত ফেৰী

ইপিনে, ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত মুছলপুৰ মণ্ডলে শণিবাৰে পুৱাই উলিয়াই বৃহৎ বাইক ৰেলী ৷ ৰেলীৰ মাজতে বাক্সা যুৱ মৰ্চাৰ সভাপতি অঞ্জন ডেকাই ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

আনহাতে, শণিবাৰে মুছলপুৰ অসামৰিক চিকিৎসালয়ত এটি ৰক্তদান শিবিৰৰো আয়োজন কৰা হয় ৷ বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যাগত অনুষ্ঠিত এই শিবিৰ উদ্বোধন কৰে বাক্সা জিলাৰ উপায়ুক্ত মাচান্দা মাগদালিন পাৰ্টিনে ৷ এই অনুষ্ঠানত বাক্সা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মনোজ দাস, চৰাইমাৰী আই আৰ বি এন কেম্পৰ কমাণ্ডেন্ট সত্যৰাম হাজৰিকা, বাক্সাৰ ডি পি এম প্ৰশান্ত দত্ত আদি লোকসকল উপস্থিত থাকে ৷ উক্ত শিবিৰত চৰাইমাৰী আই আৰ বি এন কেম্পৰ পোন্ধৰগৰাকী জোৱানৰ লগতে মুঠ কুৰিগৰাকী লোকে ৰক্তদান কৰে ৷

লগতে পঢ়ক:etv comment image নগাঁৱত স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশাল ৰেলী

ABOUT THE AUTHOR

...view details