তামুলপুৰ,16জুলাইঃ চৰকাৰী আঁচনিৰ নহয়, এইবাৰ হৰলুকী হৈছে ডাকঘৰত জমা দিয়া ধন ৷ পোষ্টমাষ্টৰৰ বিৰুদ্ধে ধন আত্মসাতৰ গুৰুতৰ অভিযোগ ৷ হিতাধিকাৰীয়ে নিজ একাউন্টত জমা দিয়া ধন কৌশলেৰে হৰলুকী কৰাৰ অভিযোগ বিষয়া গৰাকীৰ বিৰুদ্ধে ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ ডাকঘৰত সংঘটিত হৈছে এই জালিয়াতিৰ ঘটনা ৷
ডাকঘৰৰ পৰাও হৰলুকী হৈছে গ্ৰাহকৰ ধন - ডাকঘৰৰ পৰাও হৰলুকী হৈছে গ্ৰাহকৰ ধন
পোষ্টমাষ্টৰৰ বিৰুদ্ধে ধন আত্মসাতৰ গুৰুতৰ অভিযোগ ৷ হিতাধিকাৰীয়ে নিজ একাউন্টত জমা দিয়া ধন কৌশলেৰে হৰলুকী কৰাৰ অভিযোগ বিষয়া গৰাকীৰ বিৰুদ্ধে ৷
অভিযোগ অনুসৰি গোৰেশ্বৰ ডাকঘৰৰ পোষ্টমাষ্টৰ মোহন দাসে আত্মসাত কৰিছে গ্ৰাহকৰ জমা ধন ৷ ৰামপুৰ গাঁৱৰ প্ৰিয়ংকা বড়োৱে যোৱা ২৮ জানুৱাৰীতে ২৫০০টকা জমা কৰিছিল নিজৰ একাউন্টত ৷ কিন্তু আশ্চৰ্যজনকভাবে তেওঁৰ জমা ধনৰ বহীত ১৫০০ টকাহে জমা কৰা বুলি উল্লেখ কৰে মোহন দাসে । ইপিনে প্ৰিয়ংকা বড়োৱে এই কথা জানিব পাৰি মোহন দাসক অৱগত কৰাত দাসে কয় যে, জমা কৰা টকাসমূহৰ তথ্য গুৱাহাটীৰ মূখ্য কাযাৰ্লয়লৈ গৈছে ইয়াত ৰেকৰ্ড নাই । এইদৰে কৈ গ্ৰাহক গৰাকীক পাচত আহিলে চাই দিম বুলি ওভতাই পঠায় পোষ্টমাষ্টৰ জনে ৷ কেইবাদিনো ধৰি জমা ধনকেইটাৰ সন্ধানত গোৰেশ্বৰ ডাকঘৰলৈ তাঁত-বাতি কাঢ়িলে গ্ৰাহক গৰাকীয়ে ৷ কিন্তু কোনো সুদূত্তৰ নাপালে ৷
উপায়ন্তৰ হৈ মহিলা গৰাকীয়ে গোৰেশ্বৰৰ স্থানীয় সংগঠনৰ কেইজনমান নেতা-সদস্যক লৈ ডাকঘৰত উপস্থিত হোৱাত মোহন দাসে মহিলা গৰাকীক ১০০০টকা ওভতাই দিয়ে । ইফালে আক্ৰাছু নেতা শংকৰ ৰাজবংশীয়ে কয় যে, পূৰ্বতেও মোহন দাসে এনেদৰে গ্ৰাহকৰ ধন হৰলুকী কৰিছে ৷ পোষ্টমাষ্ট জনৰ বিৰুদ্ধে গ্ৰাহক ধন আত্মসাতৰ ব্যাপক অভিযোগ তুলি উৰ্ধতন কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
লগতে পঢ়কঃ কলগাছিয়াত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ