অসম

assam

ETV Bharat / state

বাক্সাত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ! - ৫৮নং তামুলপুৰ বিধানসভা সমষ্টি

বৃহস্পতিবাৰে পুৱাই ৰাজপথলৈ ওলাই আহিল স্থানীয় একাংশ ৰাইজ ৷ ১৫ কোটি টকা ব্যয় সাপেক্ষে গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰা পথটো নিৰ্মাণৰ পাছতেই এৰাই গৈছিল ৷

ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ বাক্সাত

By

Published : Sep 26, 2019, 10:37 AM IST

বাক্সা, 26 ছেপ্টেম্বৰঃ বাক্সাৰ কুমাৰীকাটাত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ জিলাখনৰ খৈৰাণী ভূটান সংযোগী পথটো নিৰ্মাণৰ পাচ দিন পাছতে এৰাই যোৱাৰ পিচত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ বৃহস্পতিবাৰে পুৱাই ৰাজপথলৈ ওলাই আহিল স্থানীয় একাংশ ৰাইজ ৷ ১৫ কোটি টকা ব্যয় সাপেক্ষে গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰা পথটো নিৰ্মাণৰ পাছতেই এৰাই গৈছিল ৷ কুমাৰীকাটাৰ খৈৰাণীৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সংযোগী ৫ কিলোমিটাৰ দীৰ্ঘৰ পথচোৱা নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

নিৰ্মাণৰ পাচ দিন পাছতে এৰাই গ'ল পথ


ইফালে ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ ঘৰৰ সন্মুখেদি যোৱা পথচোৱা প্ৰায় ১৫ কোটি টকা ব্যয়ৰে কোকৰাঝাৰৰ ব্ৰহ্ম উপাধিধাৰী এগৰাকী ঠিকাদাৰে নিৰ্মাণ কৰিছিল ৷ পথছোৱা নিৰ্মাণৰ সময়ত নিম্ন মাণদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই এৰাই যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ এইক্ষেত্ৰত বিভাগীয় তদন্ত দাবী কৰাৰ লগতে সংশ্লিষ্ট ঠিকাদাৰ জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে চৰকাৰক ৷ আনহাতে শীঘ্ৰেই পথছোৱা পুনৰ নিৰ্মাণৰো দাবী তুলিছে প্ৰতিবাদী ৰাইজে ৷

বাক্সাত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ !

ABOUT THE AUTHOR

...view details