তামুলপুৰ,18 মে’: তামুলপুৰ মহকুমাৰ গোৰেশ্বৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণ লেহেমীয়া গতিৰে কৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজ ৷ গোৰেশ্বৰ টাউনৰ বটিয়ামাৰী চকৰ পৰা দলংদিয়ালৈ যোৱা আঢ়ৈ কিলোমিটাৰ পথ টোৰ নিৰ্মাণৰ দায়িত্ব বিতৰ্কিত ঠিকাদাৰ গোবিন চন্দ্ৰ বড়োৱে লাভ কৰে 2016 বৰ্ষতে । পথটো নিৰ্মাণৰ বাবদ পেকেজ নং এ, এছ ,24-83 ৰ অধীনত আঢ়ৈকিলোমিটাৰ দৈৰ্ঘৰ পথটিৰ নিৰ্মিত 14476560 টকাৰ লগতে 5 বছৰত পথটোৰ মেৰামতিৰ কাৰণে 1250000 টকা ধাৰ্য্য কৰিছিল । কিন্তু ঠিকাদাৰ গৰাকীয়ে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা তিনি বছৰ পিছতো পথটোৰ কাম 50 শতাংশ কামো সম্পূৰ্ণ হৈ উঠা নাই । পথটো নিৰ্মাণৰ নামত গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰ গৰাকীয়ে ভেঁকো ভাওনাৰ হে সৃষ্টি কৰিছে । একাংশ ৰাইজৰ মতে বিভাগটোৰ কোনো প্ৰভাৱশালী বিষয়াৰ লগত ঠিকাদাৰ গৰাকীৰ গোপন মিতিৰালি আছে যাৰ বাবে তিনিবছৰে এনেদৰে পথতো পেলাই থোৱাৰ পিছতো ওচৰতে থকা গড়কাপ্তানি বিভাগৰ গোৰেশ্বৰ উপ সংমণ্ডলেও ঠিকাদাৰ গৰাকীক নাকী লগাব পৰা নাই ৷
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণৰ শোচনীয় ৰূপ - প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা
প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰে জীয়াতু ভোগাইছে ৰাইজক । তামুলপুৰৰ গোৰেশ্বৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণৰ শোচনীয় ৰূপ ।
![প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণৰ শোচনীয় ৰূপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3315439-thumbnail-3x2-tamulpur.jpeg)
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণৰ শোচনীয় ৰূপ
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণৰ শোচনীয় ৰূপ