অসম

assam

ETV Bharat / state

গোৰেশ্বৰত মাতৃ-কন্যাই দিন কটাইছে টিৰপালৰ তলত - গোৰেশ্বৰৰ ভোগপুৰত লকডাউনৰ মাজতে মাতৃ-কন্যাৰ জীৱন যুঁজৰ কাহিনী

গোৰেশ্বৰৰ ভোগপুৰত লক ডাউনৰ মাজতে মাতৃ-কন্যাৰ জীৱন যুঁজৰ কাহিনী ৷ এখন টিৰপালৰ তলত জীৱন কটাইছে মাতৃ-কন্যাই ৷

মাতৃ-কন্যাৰ জীৱন যুঁজৰ কাহিনী
গোৰেশ্বৰত মাতৃ-কন্যাই দিন কটাইছে টিৰপালৰ তলত

By

Published : Jun 16, 2020, 3:35 PM IST

বাক্সা, 16 জুন : বাক্সাৰ ভোগপুৰত লক ডাউনৰ মাজতে টিৰপালৰ তলত জীৱন সংগ্ৰাম চলাইছে এগৰাকী মাতৃ আৰু কন্যাই ৷ মাতৃ বুলুমা খাতুন আৰু কন্যা গিল্লু বেগমে এখন টিৰপালৰ চালিত গ্ৰহণ কৰিব লগা হৈছে আশ্ৰয় ৷ উল্লেখ্য যে,লক ডাউনৰ পূৰ্বে তামিলনাডুলৈ যোৱা মাতৃ আৰু কন্যাই ঘূৰি আহি 7 জুনত তামুলপুৰত কোৱাৰাণ্টাইনত আছিল ৷

গোৰেশ্বৰত মাতৃ-কন্যাই দিন কটাইছে টিৰপালৰ তলত

ইয়াৰ পাচতে হোম কোৱাৰেণ্টাইনত ঘৰলৈ উভতি গৈ ঘৰৰ একো চিন-চাব দেখা নাপাই দুয়োগৰাকী হতভম্ব হৈ পৰে ৷ তথ্য অনুসৰি,স্বামী য়াকুব আলীয়ে মাটি-ভেটি সকলো বিক্ৰী কৰি এগৰাকী মহিলাৰ সৈতে ইতিমধ্যেই পলায়ন কৰিছে ৷ ফলত বুলুমা খাতুন আৰু কন্যা বৰ্তমান সেই স্থানতে টিৰপালৰ তলত বাস কৰিছে ৷

গোৰেশ্বৰত মাতৃ-কন্যাই দিন কটাইছে টিৰপালৰ তলত

খাদ্য সংকটে দেখা দিয়া মাতৃ-কন্যাক এতিয়া সহায়ৰ বাবে দাবী জনাইছে স্থানীয় লোকৰ লগতে নেমছু আৰু যুৱ ছাত্ৰ পৰিষদে ৷

আৰু পঢ়ক : পত্নীৰ বাবেই মহিলাৰ ৰোষত আৰক্ষী কনিষ্টবল

For All Latest Updates

ABOUT THE AUTHOR

...view details