বাক্সা,24আগষ্ট : হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ উন্নয়নে ঢুকি পোৱা নাই বাক্সাৰ যাতায়াতৰ ব্যৱস্থাক ৷ দেশ স্বাধীন হোৱাৰ ৭৩ বছৰ অতিক্ৰম কৰাৰ পাছতো বাক্সা জিলাৰ মুছলপুৰ-কুমাৰীকাটা সংযোগী পথৰ খৈৰাণীত পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ 'ল এখন দলং ৷ যাৰ বাবে বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰি আহিছে ৷ বহু সময়ত নদীৰ বুকুত আৱদ্ধ হৈ আহিছে বহু বাহন ৷
পাগলদীয়া নৈত আবদ্ধ মাল ভৰ্তি ট্ৰাক : হাতী আৰু জেচিবিৰে উদ্ধাৰৰ চেষ্টা - বাক্সাৰ যাতায়াতৰ ব্যৱস্থা
পাগলদীয়া নৈৰ মাজত আবদ্ধ হৈ পৰে এখন মাল ভৰ্তি ট্ৰাক ৷ হাতী আৰু দুখন জেচিবিৰ সহায়ত উদ্ধাৰ কৰা হয় ট্ৰাকখনক ৷
পাগলদীয়া নৈৰ মাজত আবদ্ধ মাল ভৰ্তি ট্ৰাক
শনিবাৰেও পাগলদীয়া নৈৰ মাজত এখন মাল ভৰ্তি ট্ৰাক আবদ্ধ হৈ পৰে। পৰৱৰ্তী সময়ত হাতী আৰু দুখন জেচিবিৰ সহায়ত ট্ৰাকখন পানীৰ মাজৰ পৰা উঠাই আনিবলৈ সক্ষম হয় । উক্ত পথটোৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ট্ৰাক সমূহৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী কঢ়িওৱা যান-বাহন চলাচল কৰে । স্থানীয় লোকসকলে বিভাগটোক বহুবাৰ জনায় আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান নকৰে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷