অসম

assam

By

Published : Aug 14, 2019, 4:51 PM IST

ETV Bharat / state

দলঙৰ মাজত প্ৰকাণ্ড গাঁত, যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা খৈৰাণীৰ জালাহ সংযোগী পথৰ কালানদীৰ ওপৰত থকা টাইগাৰ দলঙৰ ওপৰৰে নিৰ্ধাৰিত সীমাতকৈ অধিক বোজা কঢ়িওৱা যান বাহন চলাচল কৰাৰ ফলত দলং খনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা ৷

দলঙৰ মাজত প্ৰকাণ্ড গাঁত, যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা

দলঙৰ মাজত প্ৰকাণ্ড গাঁত, যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াবহ দুৰ্ঘটনা

বাক্সা, 14 আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা খৈৰাণীৰ জালাহ সংযোগী পথৰ কালানদীৰ ওপৰত থকা টাইগাৰ দলঙৰ ওপৰৰে নিৰ্ধাৰিত সীমাতকৈ অধিক বোজা কঢ়িওৱা যান বাহন চলাচল কৰাৰ ফলত দলঙখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে যিকোনো মহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা ৷ প্ৰশাসনে দলঙখনৰ কাষত 9 টন ক্ষমতা সম্পন্ন ফলক আঁৰি দিছিল যদিও দলংখনৰ ওপৰৰে নিতৌ গধুৰ যান বাহন চলাচল কৰি আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। উল্লেখযোগ্য যে, বুধবাৰে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ে তৎপৰতাৰে দলঙখনৰ তলেৰে এটা অস্থায়ী পথ নিৰ্মাণ কৰি দিছিল যদিও উক্ত পথেৰে কিমান দিনলৈ গধুৰ বোজা সম্পন্ন যান বাহন চলাচল কৰিব তাক লৈ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷

ABOUT THE AUTHOR

...view details