বাক্সা, ১৪ আগষ্ট:বাক্সাৰ তামুলপুৰৰ দক্ষিণ ডেফেলী বহুমুখী সমবায় সমিতিৰ অন্তৰ্গত অহিয়াবাৰীৰ এজেণ্ট কালিচৰণ দাসে চলাই আহিছিল খাদ্য সুৰক্ষা আঁচনিৰ বাবে আবণ্টিত চাউলৰ এখন চোৰাং ব্যৱসায় ।
শুক্ৰবাৰে এক গোপন সূত্ৰৰ পম খেদি তামুলপুৰ আৰক্ষী থানাৰ পৰিদৰ্শক অসীম বৰা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই হাৰাধন চৰকাৰ নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে অবৈধ ভাৱে মজুত কৰি ৰখা ২৪ কুইন্টল চাউল । জানিব পৰা মতে বিগত চাৰিদিন ধৰি হাৰাধন চৰকাৰে গোপনে ঘৰৰ পৰাই প্ৰতিবেগ চাউলৰ বিনিময়ত ৯০০ টকা দৰত চোৰাংভাৱে বিক্ৰী কৰি আহিছিল ।