বাক্সা, 2 জুন:কৰ'ণা আতংকৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওডালগুৰি গাঁওত কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ এজন যুৱকৰ ৷ এজন কোভিড-১৯ ৰোগীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলতেই এইদৰে আৰক্ষী বিষয়াৰ ওপৰত জঁপিয়াই পৰে এজন যুৱক ৷
সোমবাৰে নিশা ওদালগুৰি গাঁৱস্থিত নিজ গৃহলৈ কোকৰাঝাৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা এগৰাকী লোকক প্ৰেৰণ কৰা হৈছিল । লোকজন গাঁৱত উপস্থিত হোৱাৰ পিছত গাঁৱবাসীয়ে ভয় আৰু শংকাত লোকজনক ঘৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল । ঘটনাৰ খবৰ পাই নিশা প্ৰায় ১০-৩০ ওদালগুৰি গাঁৱত উপস্থিত হয় তামুলপুৰ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক মনোজ কুমাৰ দাস সহ আৰক্ষীৰ গাড়ী চালক বিশ্ব বিশ্বাস ৷ ইয়াৰ পাছতে আৰক্ষী বিষয়াজনে গাঁৱবাসীৰ লগত আলোচনা কৰি লোকজনক ঘৰৰ ভিতৰত প্ৰৱেশৰ ব্যৱস্থা কৰি দিয়ে ৷
এই সমগ্ৰ ঘটনাটো মোৱাইল ফোনত ৰেকডিং কৰি আছিল গাঁৱখনৰে সৌডমচাৰ বড়ো নামৰ এজন যুৱকে ৷ কিন্তু আৰক্ষী বিষয়াজনে মোৱাইল ফোনত ৰেকডিং কৰা কাৰ্যত বাধা দিয়াত সৌডামচাৰে তেওঁৰ হাতত থকা হেলমেটেৰে আৰক্ষী বিষয়া মনোজ কুমাৰ দাসক গাঁৱবাসীৰ সন্মুখতে উপৰ্যপুৰি প্ৰহাৰ কৰে । ফলত আৰক্ষী বিষয়াজনৰ হাতৰ আঙুলিৰ হাড় ভাঙি যোৱাৰ লগতে গাড়ীচালক বিশ্ব বিশ্বাসকো আক্ৰমণ কৰি মূৰ ফালি দিয়ে । ইয়াৰ উপৰিও যুৱকজনৰ আক্ৰমণত আহত হয় স্থানীয় গাঁওবুঢ়া ৷
তামুলপুৰত যুৱকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া নিশাই আৰক্ষী বিষয়াজনৰ লগতে চালকজনক তামুলপুৰ প্ৰাথমিক চিকিৎসালৈ নিয়া হয় যদিও গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসক নিশাই উন্নত চিকিৎসাৰ বাবে নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হয় । ঘটনা সংঘটিত কৰাৰ পিছত সৌডামচাৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও মঙলবাৰে দিনৰ ভাগত তেওঁ তামুলপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । ইতিমধ্যে সৌডামচাৰৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷
লগতে পঢ়কঃকৰিমগঞ্জত ভূমিস্খলন : প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই